টাৰ্গেট দৰিদ্ৰ মুছলমান, ৪০ টকাৰ বিনিময়ত কৰ্মসংস্থাপন
ডিজিটেল ডেস্কঃ এইবাৰ দৰিদ্ৰ সংখ্যালঘূ এলেকাত কৰ্মসংস্থাপন দিয়াৰ নামত লক্ষ লক্ষ টকা লুটিবলৈ জাল পেলাইছে জাকিৰ হুছেইন এণ্ড কোম্পানীয়ে৷
নগাঁৱৰ দৰিদ্ৰ সংখ্যালঘূ এলেকাত গ্ল’বেল ফ্ৰেইণ্ডশ্বিপ ছোছা’ইটি নামৰ সংস্থাই কৰ্মসংস্থাপন দিয়াৰ নামত লক্ষ লক্ষ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৪০ টকাৰ বিনিময়ত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি প্ৰতি ঘণ্টাত লক্ষ লক্ষ সংগ্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰথমে লক্ষ্য কৰক এইসকল মহিলাক৷ হাতে হাতে আধাৰ কাৰ্ড লৈ জাকে জাকে আহিছে মহিলা।
পুৱাৰ পৰা নিশালৈকে ভিৰ কৰিছে নগাঁৱৰ শিয়ালমাৰীৰ এলিজা বেগমৰ ঘৰত। কোনোৱে যদি আহিছে বেটাৰী ৰিক্সা ভাড়া কৰি, আন কোনোআহিছে টেম্প’ ভাড়া কৰি। মুঠতে বিগত প্ৰায় এসপ্তাহ ধৰি মেলাসদৃশ পৰিস্থিতি। এইসকল নগাঁৱৰ গ্ল’বেল ফ্ৰেইণ্ডশ্বিপ চ’চাইটিৰ সম্পাদক জাকিৰ হুছেইনৰ লুণ্ঠন আৰু প্ৰবঞ্চনাৰ জালত বন্দী হোৱা মহিলা। জাকিৰ হুছেইন এণ্ড কোম্পানীৰ কৰ্মসংস্থাপনৰ প্ৰলোভন দি প্ৰতিগৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰিছে চল্লিশ টকাকৈ। এগৰাকী, দুগৰাকী নহয় দৈনিক সহস্ৰাধিক মহিলাই আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু চল্লিশ টকাকৈ জমা দি জাকিৰ হুছেইনৰ গ্ল’বেল ফ্ৰেইণ্ডশ্বিপ ছোছা’ইটিত পঞ্জীয়ন কৰিছে। নাই কোনো ৰিচিপ্ট নাই বৈধ নথি-পত্ৰ।
বিগত প্ৰায় এসপ্তাহ ধৰি চলিছে এই লুণ্ঠন। প্ৰৱঞ্চক জাকিৰ হুছেইন এণ্ড কোম্পানীয়ে সংগ্ৰহ কৰিছে লাখ লাখ টকা। শুনক এইসকল মহিলাৰ মুখেৰেই কেনেদৰে নগাঁৱৰ চকীটুপৰ জাকিৰ হুছেইনে গাঁৱৰ সহজ-সৰল মহিলাক টাৰ্গেট কৰি পাতিছে লুণ্ঠনৰ জাল। গ্ৰামাঞ্চলৰ মহিলাক ভুৱা হিতাধিকাৰী সজাই লুণ্ঠনৰ জাল পতা গ্ল’বেল ফ্ৰেইণ্ডশ্বিপ চ’চাইটিৰ অস্তিত্বই নাই৷ এটা অস্তিত্বহীন ব্যক্তিগত সংস্থাৰে জাকিৰ হুছেইন। মহিলাক দক্ষতা অনুযায়ী সংস্থাপন দিয়াৰ প্ৰলোভনৰে নগাঁৱত বিভিন্ন ঠাইত একাংশ এজেণ্ট নিয়োগ কৰি দৈনিক সংগ্ৰহ কৰিছে লাখ লাখ টকা। গাঁৱৰ মহিলাক প্ৰলোভনৰ টোপ দি চল্লিশ টকীয়া অংক কৰি দৈনিক সহস্ৰাধিক মহিলাৰ পৰা লক্ষাধিক টকা সংগ্ৰহ কৰা গ্ল’বেল ফ্ৰেইণ্ডশ্বিপ চ’চাইটিৰ নগাঁৱৰ মৰিকলংস্থিত কাৰ্যালয় ইতিমধ্যে ছমাহ ধৰি বন্ধ হৈ আছে।
কাৰ্যালয়ত মকৰাজাল পৰিছে৷ অস্তিত্বহীন চ’চাইটিৰ নামতেই জাকিৰ হুছেইন এণ্ড কোম্পানীয়ে নগাঁৱৰ প্ৰান্তে প্ৰান্তে অব্যাহত ৰাখিছে লুণ্ঠন। জাকিৰ হুছেইনৰ সহজে ধনী হোৱাৰ কূট-কৌশলৰ বিৰুদ্ধে কেতিয়া কঠোৰ হ’ব আৰক্ষী সেয়াই হ’ব লক্ষ্যণীয়।