নন্দিতা দাস-কুইন ওজা মুৰ্দাবাদ ধ্বনি ছাত্ৰৰ
ডিজিটেল ডেস্কঃ নন্দিতা দাস মুৰ্দাবাদ, কুইন ওজা মুৰ্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষাৰ্থীয়ে৷ কামৰূপৰ সোণতলীত পথ নিৰ্মাণ তথা পকী দলং বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক শিক্ষাৰ্থীয়ে৷ দক্ষিণ কামৰূপৰ সোণতলী অঞ্চলৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙালে শতাধিক শিক্ষাৰ্থী তথা ৰাইজে৷ ৩নং দক্ষিণ ৰাঙাপানীৰ মথাউৰি সংযোগী পথ মেৰামতিৰ দাবীত শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান থকা ৰঙাপানীলৈ আহ-যাহ কৰাত বিপদত পৰে ৰাইজ৷ পথটোৰ কাঠৰ দলঙৰো জৰাজীৰ্ণ অৱস্থা৷ যিকোনো মুহূৰ্ততে হব পাৰে ভয়ংকৰ দুৰ্ঘটনা৷ ফলত আতংকিত শিক্ষাৰ্থী তথা অঞ্চলবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷ বিগত ছটা বছৰে আবেদন-নিবেদন কৰাৰ পাছতো প্ৰতিশ্ৰুতি দি প্ৰৱঞ্চনা কৰি আহিছে নন্দিতা দাসে৷ ইপিনে সাংস কুইন ওজাই চিনিয়ে নাপায় বকো সমষ্টিৰ ৰঙাপানী৷ উপায়হীন শিক্ষাৰ্থী আৰু ৰাইজে অকামিলা বিধায়িকা নন্দিতা দাস হায় হায়, জিলা পৰিষদ হায় হায়, চাহজাহান আলী হায় হায়, সাংসদ কুইন ওজা হায় হায় ধ্বনিৰে উত্তাল কৰে পৰিবেশ৷