Local, Vocal, Global

হিন্দু আছিল যীশু খ্ৰীষ্ট, ভাৰতত কটাইছিল ১০ বছৰঃ শংকৰাচাৰ্যৰ দাবীক লৈ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ যীচু খ্ৰীষ্ট আচলতে হিন্দু আছিল! পুৰীৰ গোবৰ্ধন পিঠৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতীৰ এই অদ্ভূত দাবীক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতীৰ দাবী মতে, নিজৰ জীৱন কালত ১০ বছৰ ভাৰতত আছিল যীশু খ্ৰীষ্ট। তাৰে তিনি বছৰ তেওঁ কটাইছিল পুৰীত। সেই সময়ত যীশু খ্ৰীষ্ট হিন্দু আছিল যদিও পিছত ধৰ্মান্তৰিত হয়।

কেৱল সেয়াই নহয়, যীশু খ্ৰীষ্ট হিন্দু হোৱাৰ প্ৰমাণ তেওঁৰ হাতত থকা বুলিও দাবী কৰে শংকৰাচাৰ্যই।

সন্তগৰাকীৰ এই দাবীক লৈ স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খ্ৰীষ্টান সমাজে শংকৰাচাৰ্যৰ বিৰুদ্ধে ভুৱা বক্তব্য দি মানুহক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে, পূৰ্বে পুৰীৰ শংকৰাচাৰ্য্যই হজৰত মহম্মদকো হিন্দু বুলি দাবী কৰিছিল।

নিশ্চলানন্দই দাবী কৰে যে বাইবেলত যীশুৰ দহ বছৰৰ জীৱনৰ কোনো উল্লেখ নাই। কাৰণ সেই সময়ত তেওঁ ভাৰতত আছিল। তাৰে তিনি বছৰ তেওঁ পাৰ কৰিছিল পুৰীত। ভাৰতত থকা দহ বছৰত যীশু খ্ৰীষ্টই বৈষ্ণৱ ধৰ্মত বিশ্বাস কৰিছিল। তেওঁ পুৰীলৈ গৈ শংকৰাচাৰ্যৰ পৰা ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিছিল। সেইবাবেই যীশুৰ বহু বিদেশী মূৰ্তিত তিলক দেখা যায় বুলিও দাবী কৰে শংকৰাচাৰ্যই।