নৱেম্বৰত জন্ম হোৱা লোকসকল বিশেষ কিয়!
নিউজ ডেস্কঃ কেইটামান গুণৰ বাবে বিশেষ হয় নৱেম্বৰত জন্ম হোৱা লোকসকল! জানো আহক নৱেম্বৰত জন্ম হোৱা লোকৰ ভাল আৰু বেয়া গুণসমূহ:
নৱেম্বৰত জন্ম গ্ৰহণ কৰা লোকসকল সাধাৰণতে কৌতূহলী প্ৰকৃতিৰ হয়। সোনকালে শিকাৰ আগ্ৰহ তেওঁলোকৰ অধিক। নৱেম্বৰত জন্ম হোৱা লোকসকল বুদ্ধিমান আৰু ধৈৰ্যশীল হয়৷
জানো আহক নৱেম্বৰত জন্ম হোৱা লোকসকৰ কেইটামান বিশেষ বৈশিষ্ট :
এই লোকসকল ইতিবাচক, সংকল্পবদ্ধ কিন্তু অত্যন্ত ৰহস্যময় : প্ৰত্যাহ্বান আৰু ভয়ংকৰ পৰিস্থিতিয়ে নৱেম্বৰত জন্ম গ্ৰহণ কৰা লোকসকলক আশাবাদী দৃষ্টিভংগী ৰাখিবলৈ আৰু বস্তুবোৰৰ সন্মুখীন হ’বলৈ অনুপ্ৰাণিত কৰে। নিজৰ যি কোনো কামেই সম্পূৰ্ণ নোহোৱা লৈকে এওঁলোকে সেই কামটোত দৃঢ়তাৰে লাগি থাকে৷ নিজৰ ব্যক্তিগত জীৱনত গোপনীয়তা পছন্দ কৰে আৰু নিজৰ ব্যক্তিগত কথাবোৰ বন্ধু আৰু পৰিয়ালৰ লোকৰ পৰাও লুকুৱাব বিচাৰে৷
বহুত বুদ্ধিমান হয় কিন্তু কিছুমান কামত ধৈৰ্যৰ প্ৰয়োজন হয় : নৱেম্বৰত জন্ম হোৱা লোকসকলৰ বুদ্ধি শক্তি প্ৰখৰ হয় ৷ কঠিন পৰিস্থিতিত নিজৰ বুদ্ধিৰ দ্বাৰা সমস্যাৰ সমাধান উলিয়াই লয়৷
নিৰ্ভীক আৰু আত্মনিৰ্ভৰশীল কিন্তু জেদী : নৱেম্বৰত জন্ম গ্ৰহণ কৰা লোকসকল সাহসী আৰু আত্মবিশ্বাসী আৰু তাৰ লগতে স্বভাৱত জেদী হয়৷ ভয়ংকৰ পৰিস্থিতিত তেওঁলোকে তেওঁলোকৰ নিৰ্ভীকতা ব্যৱহাৰ কৰে। এই লোকসকলে আনৰ পৰা পৰামৰ্শ ল’বলৈ ভাল নাপায় আৰু যদি কোনোৱে পৰামৰ্শ দিয়ে, তেওঁলোকে তাৰ প্ৰতি মনোযোগ নিদিয়ে৷
ধৈৰ্য্যবান আৰু সহনশীল কিন্তু ঈৰ্ষাপূৰ্ণ : সমস্যাৰ সৈতে মোকাবিলা কৰাত ধৈৰ্য্য আৰু সহনশীলতা হৈছে নৱেম্বৰত জন্ম হোৱা লোকসকলৰ জন্মগত লক্ষণ। ঘৰ আৰু বাহিৰৰ লোকসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কেনেদৰে চম্ভালিব লাগে এওঁলোকে ভালদৰে জানে, কিন্তু তেওঁলোক আনৰ প্ৰতি সহজে ঈৰ্ষাপৰায়ণো হয়৷
দেখনিয়াৰ কিন্তু খঙটো নাকত থাকে : নৱেম্বৰত জন্ম গ্ৰহণ কৰা লোকসকলৰ আকৰ্ষণীয় ব্যক্তিত্ব থাকে। কিন্তু তেওঁলোকে যেতিয়া কোনো মানুহক বেয়া পায় সেই মানুহক অতি সহজে ক্ষমা কৰিব নোৱাৰে৷ নিজৰ খঙটোক সহজে নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷