Local, Vocal, Global

পত্নীৰ হাতত নিৰ্যাতিত পুৰুষ! পত্নীৰ মাৰ খাই প্ৰধানমন্ত্ৰীৰ পৰা বিচাৰিলে সহায়

ডিজিটেল ডেস্কঃ বহুতে পত্নীক ঘৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে তুলনা কৰে। পত্নীৰ ভয়ত ভুল কাম কৰাৰ পৰা আঁতৰি থাকে বহু পুৰুষে।

কিন্তু পত্নীৰ হাতত নিৰ্যাতিত হৈ এগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ পৰাই সহায় বিচৰাৰ এক আজৱ ঘটনা সংঘটিত হৈছে। বাংগালুৰুৰ নিৱাসী এই ব্যক্তিজনে দাবী কৰা মতে, তেওঁৰ পত্নীয়ে সদায় তেওঁক মাৰপিট কৰে।

সেয়ে যদুনন্দন আচাৰ্য নামৰ ব্যক্তিজনে টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, আইন মন্ত্ৰী কিৰেণ ৰিজিজু আৰু বাংগালুৰুৰ আৰক্ষী আয়ুক্ত প্ৰতাপ ৰেড্ডীৰ সহায় বিচাৰিছে।

টুইটাৰত তেওঁ লিখিছে, ”কোনোবাই মোক সহায় কৰিবনে? নে মোৰ সতে এই ঘটনা ঘটাত কোনোবাই মোক সহায় কৰিছিল? নাই, কাৰণ মই পুৰুষ!’’

তেওঁ পুনৰ লিখিছে, ”মোৰ পত্নীয়ে মোক চুৰীৰে আক্ৰমণ কৰিছে, এয়াই নেকি আপোনালোকে আগবঢ়াই নিয়া নাৰী শক্তি? ইয়াৰ বাবে মই মোৰ পত্নীৰ বিৰুদ্ধ গাৰ্হস্থ্য হিংসাৰ গোচৰ দিব পাৰিমনে? নোৱাৰো!’’

এই টুইটটোৰ সৈতে তেওঁ এখন ফটোও শ্বেয়াৰ কৰিছে। য’ত এখন হাতৰ পৰা তেজ ওলাই থকা দেখিবলৈ পোৱা গৈছে।

এই টুইটৰ পিছতে বাংগালুৰুৰ আৰক্ষী আয়ুক্ত প্ৰতাপ ৰেড্ডীয়ে তেওঁক থানালৈ গৈ আইনী ব্যৱস্থা ল’বলৈ আৰু তেওঁৰ অভিযোগৰ সমাধান কৰিবলৈ কয়।

ব্যক্তিজনৰ টুইটটোৱে স্বাভাৱিকতে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।