বৈধ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ! ৮ বাংলাদেশী নাগৰিকক অসমৰ পৰা বিতাড়িত বাংলাদেশলৈ…
ডিজিটেল ডেস্কঃ বৈধ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰা কমেও ৮ জন বাংলাদেশী নাগৰিকক শনিবাৰে কৰিমগঞ্জ জিলাৰ পৰা বাংলাদেশলৈ বিতাড়িত কৰা হয়।
এগৰাকী মহিলাকে ধৰি বাংলাদেশী নাগৰিক কেইজনক আইনী পদ্ধতিৰে সুতাৰকান্দিৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ক্ষেত্ৰৰ জৰিয়তে প্ৰেৰণ কৰা হয় বাংলাদেশলৈ।
উল্লেখ্য যে, কোনো বৈধ নথি-পত্ৰ অবিহনে বিভিন্ন সময়ত অসম হৈ ভাৰতত প্ৰৱেশ কৰিছিল এই বাংলাদেশী নাগৰিক কেইজনে।
শনিবাৰে বিতাড়ন কৰা বাংলাদেশী নাগৰিক কেইজনৰ নাম মঃ লাল মিঞা ওৰফে মহম্মদ লাল মিঞা কাজী, লাল মিঞা ওৰফে লালান মিঞা, মহিৰ উদ্দিন, মহম্মদ আব্দুল মতিন, ফৰিদ আলম ওৰফে আকাশ, আতাবুৰ ৰহমান, ফাইমা বেগম ওৰফে ফৈমা আৰু মঃ ৰহিম মিঞা ওৰফে ফিৰদাউছ বুলি জানিব পৰা গৈছে।
বিতাড়িত নাগৰিক কেইজনৰ ভিতৰত ৫ জনক কৰিমগঞ্জত, কামৰূপত ২ জনক আৰু কাছাৰ জিলাত এজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।