বন্ধন বেংকৰ ভাল দিন, মুঠ গ্ৰাহকৰ সংখ্যা হৈছে ২.৭৭ কোটি
গুৱাহাটীঃ বন্ধন বেংকে যোৱা ২৮ অক্টোবৰ শুক্ৰবাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে। পৰিচালনাৰ পৰিবেশ অধিক অনুকূল হৈ পৰাৰ লগে লগে, বেংকটোৱে ব্যৱসায়ৰ শক্তিশালী বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। বেংকৰ মুঠ ব্যৱসায় (জমা আৰু অগ্ৰিম) যোৱা আৰ্থিক বছৰৰ দ্বিতীয় ত্ৰৈমাসিকৰ তুলনাত চলিত বছৰৰ দ্বিতীয় ত্ৰৈমাত্ৰিকত ১৯.৫ শতাংশ বৃদ্ধি হৈ ২০২২ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ১,৯৫,২০০ কোটি টকা হৈছেগৈ। ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত থকা ৩৪খনতেই ৫৬৪৬টা বেংকিং আউটলেট আৰু শাখাৰ জৰিয়তে বেংকটোৱে ২.৭৭ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আহিছে। বন্ধন বেংকত কৰ্মৰত কৰ্মচাৰীৰ মুঠ সংখ্যা ৬৪ হাজাৰ।
বন্ধন বেংকৰ জমাৰ পৰিমাণ যোৱা আৰ্থিক বছৰৰ দ্বিতীয় ত্ৰৈমাসিকৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ২১% বৃদ্ধি পাইছে। বেংকৰ বৰ্তমান মুঠ জমাধনৰ পৰিমাণ ৯৯,৩৬৫ কোটি টকা। এই সময়ছোৱাত বেংকৰ খুচুৰা জমা বহী ( ৰিটেল ডিপোজিট)উল্লেখজনকভাৱে বৃদ্ধি পাইছে৷ যোৱা আৰ্থিক বছৰৰ দ্বিতীয় ত্ৰৈমাত্ৰিকৰ তুলনাত চলিত আৰ্থিক বছৰৰ দ্বিতীয় ত্ৰৈমাত্ৰিকত ৭% বৃদ্ধি হৈ ৭৩৬৬০ কোটি টকা হৈছেগৈ৷ যোৱা আৰ্থিক বছৰৰ দ্বিতীয় ত্ৰৈমাত্ৰিকৰ তুলনাত CASA (কাৰেণ্ট একাউণ্ট চেভিংচ একাউণ্ট) বহীৰ ১১% বৃদ্ধি পাইছে, আৰু CASA অনুপাত এতিয়া সামগ্ৰিক জমা বহীৰ ৪০.৮ শতাংশ। প্ৰদত্ত ঋণৰ ক্ষেত্ৰত বেংকটোৱে পূৰ্বৰ বছৰৰ একেটা ত্ৰৈমাসিকৰ তুলনাত ১৮% বৃদ্ধি পাইছে। বৰ্তমান মুঠ প্ৰদত্ত ঋণৰ পৰিমাণ ৯৫,৮৩৫ কোটি টকা। বেংকৰ স্থিতিশীলতাৰ ইংগিত দিয়া মূলধন পৰ্যাপ্ততা অনুপাত (CAR) ১৯.৪ শতাংশ, যিটো নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তাতকৈ বহু বেছি।
চলিত বিত্তীয় বৰ্ষত বন্ধন বেংকে সমগ্ৰ ভাৰতত ৫৫০ টাতকৈও অধিক নতুন শাখা মুকলি কৰাৰ পৰিকল্পনা কৰিছে৷ বেংকটোৱে অন্যান্য প্ৰডাক্ট ৰেঞ্জৰ লগতে এস এমই লোন, গোল্ড লোন, পাৰ্চনাল লোন আৰু অটো লোনৰ দৰে তেনেকুৱা ক্ষেত্ৰতো নিজৰ পৰ্টফলিঅ’ বৃদ্ধিৰ লক্ষ্য লৈছে। ফলাফলৰ সন্দৰ্ভত বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয় যে “চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাত্ৰিক বেংকৰ বাবে খুবেই ভাল আছিল৷ যোৱা বিত্তীয় বৰ্ষৰ সময়তকৈ এইবাৰ বন্ধন বেংকেৰ ব্যৱসায় উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে ৷আমাৰ বিতৰণ আৰু প্ৰডাক্ট পোৰ্টফলিও বৃদ্ধিৰ লগে লগে দেশবাসীক বেংকিং পৰিসেৱাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আমি সমৰ্থ হৈছোঁ। আমি কোটি কোটি ভাৰতীয়ৰ বিশ্বাস আৰু আস্থা অৰ্জন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান মানিছোঁ৷”