Local, Vocal, Global

আকাশবাণী ডিব্ৰুগড়ৰ আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ বন্ধৰ সিদ্ধান্ত, দল-সংগঠনৰ প্ৰতিবাদ

আকাশবাণী ডিব্ৰুগড়ত অসমীয়া ভাষাক হেয় প্ৰতিপ্ৰন্ন কৰিব খোজৰ প্ৰতিবাদত উত্তাল হৈছে ডিব্ৰুগড়৷ প্ৰসাৰ ভাৰতীয়ে আকাশবাণী ডিব্ৰুগড়ৰ আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি পুৱাৰে পৰা কেইবাটাও দল-সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি ভাৰতীয় গণনাট্য সংঘই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বাহিৰত ভাৰতীয় গণনাট্য সংঘই প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড়ৰ কেন্দ্ৰৰ পৰা প্ৰতি সন্ধ্যা ৬ বজাত সম্প্ৰচাৰ হোৱা ৫ মিনিটৰ আঞ্চলিক বাতৰি বন্ধৰ সিদ্ধান্ত বাতিল নকৰিবলে দাবী জনাই গণনাট্য সংঘই। কেন্দ্ৰটোৰ একমাত্ৰ আঞ্চলিক ভাষাৰ সম্প্ৰচাৰ বন্ধ কৰিব খোজাৰ পিছতো জিলাখনৰ দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে নীৰৱ ভূমিকা লোৱাত গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয় তীব্ৰ সমালোচনা কৰে। জাতি-মাটি-ভেঁটি ৰক্ষাৰ কথা বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে গণনাট্য সংঘই৷