Local, Vocal, Global

কুৰিখন ডাম্পাৰেৰে নিতৌ চলিছে খনন, আতংকিত বজালীৰ নৈ পৰীয়া

এখন দুখন নহয়৷ কুৰিখন ডাম্পাৰে নিতৌ নৈৰ বুকুত চলাইছে খনন৷ ধৰোতা কোনো নাই৷ বন বিভাগ, প্ৰশাসন সকলো যেন মেনেজ৷ বিনা দ্বিধাই দিনে-নিশাই নৈৰ বুকুক খনন কৰিছে খনন মাফিয়াই৷ প্ৰথমে চাওক এই দৃশ্য৷ কেনেদৰে ফকলেণ্ড আৰু ডাম্পাৰে খনন কৰিছে৷ চৌদিশে কেৱল খনন আৰু খনন৷ মাফিয়াই খোল্লাম খোলা খনন কৰিছে৷ মাফিয়াই কেৰেপ নকৰে বন বিভাগ কিম্বা প্ৰশাসনক৷ চলিত বৰ্ষত পহুমৰা নৈৰ মথাউৰি দুঠাইত ভাঙি বজালীৰ অৰ্থনৈতিক বুনিয়াদ সমুলি ধ্বংসস্তুপত পৰিণত হৈছে৷ বানৰ বিভিষীকা মাৰ নৌযাওঁতেই দুষ্ট চক্ৰই পহুমৰা নৈৰ বুকুত খনন আৰম্ভ কৰাত আতংকৰ সৃষ্টি হৈছে। কিয়নো পহুমৰা নৈৰ পাৰৰ মাতি খনন কৰিছে দুষ্ট চক্ৰই। এখন দুখন নহয় প্ৰায় ২০ খন দহ চকীয়া ডাম্পাৰে দিনে-নিশাই মাটি খনন কৰি আতংকৰ সৃষ্টি কৰিছে। ইমানে নহয় চৰকাৰৰ অনুমতি অবিহনে কৰা এই খননৰ পৰা ৰাজহৰ পৰা বঞ্চিত হৈছে চৰকাৰে৷ বন আইনক বুঢ়া আঙুলি দেখুৱাই দুস্কাৰ্য সংঘটিত হৈছে বজালীৰ কাৰৈখোৱা নয়াপাৰাত। নয়াপাৰা সাংবাদিক যোৱাৰ লগে লগেই ডাম্পাৰ আৰু বুলডজাৰ এৰি পলায়ন কৰে খননকাৰীয়ে। ডাম্পাৰৰ চালকেও নাজানে মাটি খনন কোনে কৰিছে৷ বাৰিষাৰ বানত ঘৰ বাৰী হেৰুৱাই ৰেল লাইনত তিনিমাহ থাকি কোনোমতে ঘৰলৈ যোৱা ৰাইজৰ জীৱন সম্পত্তি এনেদৰে বিপদাপন্ন কৰি তুলিছে৷ এতিয়া প্ৰশ্ন হয়৷ যিটো সময়ত চৰকাৰে মাফিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সেইটো সময়তে বজালীত মুক্ত খনন কৰিবলৈ সাহস কৰিছে কোনে৷ সেয়াহে কৌটিটকীয়া প্ৰশ্ন।