৮০ কোটি টকীয়া কেলেংকাৰীৰ নায়ক আলোক চৰকাৰক দিছপুৰ আৰক্ষী থানাত জেৰা
অৱশেষত জেৰাৰ সন্মুখীন হ’ল দক্ষতা বিকাশৰ নামত ৮০ কোটি টকীয়া কেলেংকাৰী কৰা আলোক চৰকাৰ৷ আজি পুৱাই দিছপুৰ আৰক্ষীয়ে জালত পেলাই আলোক চৰকাৰক৷ দিছপুৰ আৰক্ষী থানালৈ আনি আলোক চৰকাৰক মাৰাথান জেৰা চলাই দিছপুৰ আৰক্ষীৰ এটা দলে৷ দক্ষতা বিকাশ অভিযানৰ অধীনত অসমৰ নিবনুৱাক প্ৰশিক্ষণ দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন কৰা অলোক চৰকাৰক মাৰাথান জেৰা চলোৱাৰ ঘটনাই বিশেষ তাৎপৰ্যবহন কৰিছে৷ আলোক চৰকাক আজি দিছপুৰ আৰক্ষী থানাত কেইবা ঘণ্টা ধৰি বৃহৎ তদন্তকাৰী দলে মাৰাথান জেৰা চলাই৷ দীপাৱলীৰ দিনটোতে দিছপুৰ আৰক্ষীয়ে আলোক চৰকাৰ আৰু সহযোগীক জেৰা কৰে৷ উল্লেখ্য যে, ABOCWWBৰ ৮০ কোটি টকীয়া দুৰ্নীতিৰ মূল অভিযুক্ত হৈছে আলোক চৰকাৰ৷ আলোক চৰকাৰৰ প্ৰতিষ্ঠান Ajitaaksh Ventures Pvt Ltd-এ বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰত অসমৰ নিবনুৱাক প্ৰশিক্ষণ দিয়াৰ ঠিকা লাভ কৰিছে৷ কিন্তু প্ৰকৃততে আলোক চৰকাৰৰ প্ৰতিষ্ঠানে নিবনুৱাক প্ৰশিক্ষণ দিয়াই নাছিল৷ কেৱল কাগজে-কলমে প্ৰশিক্ষাৰ্থী দেখুৱাই চৰকাৰৰ ঘৰৰ প্ৰায় ৮০ কোটি টকা লুণ্ঠন কৰে৷ প্ৰশিক্ষণ আৰু পৰীক্ষা হোৱা বুলি ভুৱাকৈ দেখুৱাই এই ধন লুট কৰে৷ ইমানে নহয় পৰীক্ষাৰ ভুৱা উপস্থিতিৰ স্বাক্ষৰ দেখুৱাই চৰকাৰৰ ঘৰৰ পৰা বিল উলিয়াই৷ ইতিমধ্যে এই কথা তথ্যসহ প্ৰমাণ হোৱাৰ লগতে অসমৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু হৈছে৷ Ajitaaksh ventures Pvt Ltd-এ প্ৰশিক্ষণ সম্পূর্ণ কৰা, পৰীক্ষাৰ্থীৰ ভুৱা উপস্থিতিৰ তালিকা প্ৰস্তুত কৰি কোটি কোটি টকা লুণ্ঠন কৰে৷ Ajitaaksh Ventures Pvt Ltd-এ নিজৰ প্ৰতিষ্ঠানৰ প্ৰশিক্ষণৰ ভুৱা বিল জমা কৰি প্ৰতিজন প্ৰশিক্ষাৰ্থীৰ নামত ২০ হাজাৰৰ পৰা ২৭ হাজাৰ টকা প্ৰশিক্ষণৰ মাচুল উলিয়াই লুণ্ঠন চলাই৷ সম্পূৰ্ণ দিনৰ প্ৰশিক্ষণ দিয়া বুলি প্ৰশিক্ষাৰ্থীৰ ভুৱা খাদ্যৰ বিল প্রস্তুত কৰি দৈনিক প্ৰতিজন শ্ৰমিকৰ বাবদ ৫০ টকাকৈ এজন প্ৰশিক্ষাৰ্থীৰ বিপৰীতে ৩০০০ টকাকৈ বিল উলিযায় লুণ্ঠন চলায়। অতি দুখৰ বিষয় যে Ajitaaksh Ventures Pvt Ltd-এ ধন ঘটিবৰ বাবে প্ৰৱঞ্চনাৰ জাল পাতে৷ নিজৰ প্ৰতিষ্ঠানৰ নামত ভুৱা প্ৰশিক্ষণৰ বিল আৰু ভুৱা খাদ্যৰ বিল প্ৰস্তুত কৰি চৰকাৰৰ ঘৰৰ পৰা কোটি কোটি সৰকাই নিশাৰ ভিতৰতে ধনকুবেৰত পৰিণত হয়৷ মুঠতে নিবনুৱাক প্ৰশিক্ষাণ প্ৰদানৰ নামত প্ৰৱঞ্চনা কৰিলে অলোক চৰকাৰে৷ অসমৰ নিবনুৱাক দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ ভুৱা তথ্যৰে কোটি কোটি লুটিলে চৰকাৰ এণ্ড কোম্পানীয়ে৷ প্ৰশিক্ষণ সম্পূর্ণ কৰা দেখুৱাই আৰু প্ৰশিক্ষাৰ্থীসমূহক প্ৰমাণপত্ৰ আৰু চৰকাৰী ধনৰ পৰা বঞ্চিত কৰে। অতি কৌশলেৰে প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদানৰ নামত অসম ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদেৰ পৰা কোটি কোটি লুটিলে চৰকাৰ এণ্ড কোম্পানীয়ে৷ অসম ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ সহায়ত কিছু টকা সোমোৱাই দি প্ৰশিক্ষাৰ্থীক বঞ্চিত কৰে৷ প্ৰশিক্ষাৰ্থীৰ প্ৰশিক্ষণ সম্পূৰ্ণ নকৰাকৈ বিল উলিয়াই৷ কেৱল ফটো আৰু ভিডিঅ’ সংগ্ৰহৰ বাবে দুই এদিন প্ৰশিক্ষণ দি দায়িত্ব সামৰে৷ কিয়নো বিল উলিয়াবলৈ প্ৰয়োজন হয় প্ৰশিক্ষণৰ সময়ৰ ফটো আৰু ভিজুৱেল৷ এই আঁচনি অনুযায়ী প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে দৈনিক জলপানি পাব লাগে ২৮০ টকাকৈ৷ আঁচনিত উল্লেখ থকা মতে একোগৰাকী নিবনুৱা প্ৰশিক্ষাৰ্থীয়ে প্ৰতি ঘণ্টাত ৩৫ টকাকৈ লাভ কৰিব৷ দৈনিক ৮ ঘণ্টাকৈ যদি হয় ৬০ দিনত ১৬ হাজাৰ ৮০০ টকা লাভ কৰিব লাগে৷ কিন্তু নিবনুৱা প্ৰশিক্ষাৰ্থীক জলপানি প্ৰদান নকৰি সকলো ধন গোগ্ৰাসে লুটিলে আলোক চৰকাৰে। এইক্ষেত্ৰত ভুক্তভোগীসকলে প্ৰৱঞ্চনাৰ কথা গম পাই বিভিন্ন ঠাইত এজাহাৰ দাখিল কৰাই নহয় গোচৰো ৰুজু কৰিছিল৷