Local, Vocal, Global

মুকালমুৱাত ২০০ কৃতী ছাত্ৰক সম্বৰ্ধনা ‘প্ৰত্যাশা’ৰ

নিউজ ডেস্ক: ২০২২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰক্ষেত্ৰীৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰা ৭৫ শতাংশতকৈ অধিক নম্বৰ পাই সুক্ষ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক আজি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোই ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত উপষ্টিত থাকে প্ৰত্যাশাৰ উপদেষ্টা তথা নেডফিৰ প্ৰাক্তন সঞ্চালক ড০ ফণীধৰ ডেকা, কাৰ্যবাহী সঞ্চালক তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত, সংস্থাৰ সম্পাদিকা মমী মহন্ত। ড০ ফণীধৰ ডেকাই ভাষণ প্ৰসংগত কয় যে ছাত্ৰ-ছাত্ৰীয়ে নম্বৰৰ পাছত নুঘুৰি দক্ষতাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া দৰকাৰ। অনুষ্ঠানত মুঠ ১২৬ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, প্ৰমাণ পত্ৰ, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্তই পৰবৰ্তী সময়ত বৰক্ষেত্ৰী অঞ্চলৰ পৰা সুখ্যাতি লাভ কৰিব পৰা স্থান প্ৰাপ্তসকলক দুই বছৰৰ বাবে বছৰি দশ হাজাৰকৈ সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰে৷