নিতু আগে আগে, আৰক্ষী পাছে পাছে ; কিন্তু দিন আজি বেয়া !
নিউজ ডেস্ক: ড্ৰাগছ বেপাৰী আগে আগে৷ তিনিচুকীয়া আৰক্ষী পিছে পিছে৷ ড্ৰাগছ সৰবৰহকাৰী আৰু আৰক্ষীৰ মাজৰ খেদা-খেদিৰ দৃশ্য বন্দী হ’ল কেমেৰাত। শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত আনন্দবাগত এজন ড্ৰাগছ সৰবৰাহকাৰী খেদি খেদি আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী অহাৰ উমান পায় নিতু শইকীয়া নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে দুচকীয়া বাহনেৰে তীব্ৰ বেগেৰে পলায়ন কৰিছিল৷ কিন্তু নিতুৰ আজি কপলা বেয়া আছিল৷ আৰক্ষীয়ে খেদি যোৱাৰ ফলত বাইকেখনে নিয়ন্ত্ৰণ হেৰুৱাই বন্ধ দোকানত খুন্দা মাৰে৷ অৱশেষত ড্ৰাগছ সৰবৰাহকাৰী নতুন আৰক্ষীৰ জালত৷ আৰক্ষীয়ে যুৱক জনৰ পৰা ১২:২০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।