বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ দাবীত AJYCPৰ প্ৰতিবাদ
নিউজ ডেস্কঃ কেইবাটাও সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে গোগামুখ৷ NHPCৰ নদীবান্ধ বন্ধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ গোগামুখৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে বিগত কেইটামান দিনত তাছপাতৰ দৰে খহিব ধৰিছে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প৷ লেফ্ট বেংকৰ বৃহৎ অংশ খহি পৰাৰ লগতে পাৱাৰ হাউচৰ গাৰ্ডৱাল খহি পৰিছে৷ ভূমিস্খলনত পতিত হৈ পাহাৰ খহি পৰাত আতংকত দিন কটাইছে লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীয়ে৷
জানিব পৰা মতে, কেইবাটাও দিন ধৰি লেফ্ট বেংকত NHPCত অব্যাহত আছে ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত কেইবাটাও এলেকাত পাহাৰৰ অংশ খহি পৰি বৃহৎ ঢৌৰ সৃষ্টি হোৱা দেখা গৈছে। নেৰা-নেপেৰা বৰষুণৰ ফলত পাহাৰত ভূমিস্খলন হোৱাত মূল বান্ধত ভয়ংকৰ ঢৌৱে অঘটন সংঘটিত কৰাৰ আশংকাই দেখা দিছে৷ ফলত পুনৰ সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ৷ বান্ধৰ কাম বন্ধ নকৰিলে নেৰানেপেৰা আন্দোলন কৰি যোৱাৰ ঘোষণা কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷