অসমৰ চেংমাছত চকু বহিৰাগতৰ; বহিঃৰাজ্যলৈ সৰবৰাহ থলুৱা প্ৰজাতিৰ মাছ
নিউজ ডেস্ক: অসমৰ থলুৱা মাছৰ প্ৰজাতি গোপনে নিবলৈ চোৰাং ব্যৱসায় আৰম্ভ হৈছে৷ অসমৰ থলুৱা মাছ কেইটাকো এৰা নাই চোৰাং ব্যৱসায়ীয়ে৷ অসমৰ থসলুৱা মাছ বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়তে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত দুই চোৰাং ব্যৱসায়ী জালত পৰে৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বন বিভাগে বিলুপ্ত প্ৰজাতিৰ পিপলি ছেং মাছ উদ্ধাৰ কৰাৰ লগতে বিপন্ন প্ৰজাতিৰ চোৰাং মাছৰ ব্যৱসায়ীৰ সৈতে জড়িত দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা লোক দুজনৰ নাম আনোৱাৰ হুছেইন আৰু জাকিৰ হুছেইন।আনোৱাৰ হুছেইনৰ ঘৰ ভোগখোৱা চাপৰিত আৰু জাকিৰ হুছেইনৰ ঘৰ পাঁচ মাইলৰ গৰছিঙা বিহিয়া গাঁৱত। বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে দুয়োকে আটক কৰে৷ পিপলি চেং মাছ বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সন্দেহ কৰা হৈছে৷ চোৰাং বেপাৰৰ লগত জড়িত ব্যক্তি দুজনক। আটক কৰা দুয়োজনকে ইতিমধ্যে বনবিভাগে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। উদ্ধাৰ হোৱা পিপলি ছেং মাছ দুটাৰ এটাৰ ইতিমধ্যে মৃত্যু হোৱাৰ বিপৰীতে আনটো মাছ জীৱিত অৱস্থাত আছে। জানিব পৰা মতে অতিকৈ বিৰল এই বিপন্ন পিপিলি চেং মাছৰ মূল্য অত্যাধিক হোৱাৰ লগতে এইমাছ চোৰাং ভাৱে বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি হয়।