পৌৰ সভাৰ বেনাৰত স্বচ্ছতাৰ কথা, কিন্তু পূজা অনুষ্ঠিত খেলপথাৰত আৱৰ্জনা

দুৰ্গা পূজা পাৰ হৈ যোৱাৰ ৬ দিন পাছতো পৰিস্কাৰ নহল চাপৰৰ গান্ধী ময়দান খেলপথাৰ৷ ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত তথা চাপৰ পৌৰসভাৰ কাৰ্যালয়ৰ গাতে লাগি থকা গান্ধী ময়দান খেলপথাৰত দুৰ্গা পূজাৰ লগতে মেলা অনুষ্ঠিত হৈছিল। মেলাৰ পাছত খেলপথাৰখনত বহু আৱৰ্জনা জমা হয়৷ কিন্তু গান্ধী ময়দান খেলপথাৰ পৰিস্কাৰ কৰিবলৈ কোনো কাণসাৰ নাই চাপৰ পৌৰসভাৰ। কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন চাপৰ পৌৰ সভাই দুৰ্গা পূজাৰ ৬ দিন পাৰ হৈ যোৱাৰ পাছতো আজিলৈ পৰিষ্কাৰ নকৰিলে খেলপথাৰখন। প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি স্বচ্ছ ভাৰত মিছন যেন ধোৱা চাঙত।
আনফালে চাপৰ পৌৰ সভাই লক্ষ্মী পূজাৰ শুভেচ্ছা জনোৱা এখন বেনাৰ সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে৷ তাত স্পষ্টকৈ লিখা আছে যে পৰিষ্কাৰ চাপৰ সেইজ চাপৰ। কিন্তু বাক্যসাৰী কিমান পৰিমাণে কাৰ্য্যকাৰী সেয়া খেলপথাৰখনৰ পৰিবেশ দেখিলে বুজিব পাৰি৷