Local, Vocal, Global

উভতি নহা বাটেৰে গুছি গ’ল ভিডিঅ’ জাৰ্নালিষ্ট দেৱজিৎ…

নিউজ ডেস্ক: আনৰ বাতৰি সংগ্ৰহ কৰি ঘূৰি-ফুৰা যুৱকজনে আজি উভতি নহা বাটেৰে গুছি গ’ল৷ খবৰ সংগ্ৰহ কৰি মিডিয়া হাউচলৈ অনা যুৱকজন আজি নিজেই খবৰ হৈ সকলোকে কন্দুৱাই অচিনা দেশলৈ মেলানি মাগিলে৷ আজি পুৱাই গুৱাহাটী মহানগৰীত কৰুণ মৃত্যুক আকোৱালি লয় ভিডিঅ’ জাৰ্নালিষ্ট দেৱজিৎ শৰ্মাই৷ ভিডিঅ’ জাৰ্নালিষ্ট দেৱজিতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহানগৰীৰ লাচিতনগৰৰ চিলভাৰ গৃহশ্ৰী নামৰ চাৰিমহলীয়া অট্টালিকাত মৃতদেহ উদ্ধাৰ হয় ভিডিঅ’ জাৰ্নালিষ্ট দেৱজিৎ শৰ্মাৰ৷ জানিব পৰা মতে, এটা পৰিয়ালৰ সৈতে লাচিতনগৰৰ চিলভাৰ গৃহশ্ৰী এপাৰ্টমেণ্টত বাস কৰিছিল দেৱজিতে৷ তাৰ পাছতে আজি নিচেই পুৱাই অট্টালিকাৰ সমীপতে মৃতদেহটো উদ্ধাৰ হয়৷ জানিব পৰা মতে, আজি পুৱাই দেৱজিৎৰ মৃতদেহ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল অট্টালিকাৰ চিকিউৰিটিয়ে৷ দেৱজিতে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে যদিও পৰিয়ালে কোনো কাৰণত আত্মহত্যা কৰা বুলি মানি ল’ব খোজা নাই৷ দেৱজিতক পৰিকল্পিতভাৱে হত্যা কৰা বুলি দাবী কৰিছে পৰিয়ালে৷

গুৱাহাটীৰ সংবাদজগতত দেৱজিতৰ মৃত্যুত শোকৰ ছাঁ পৰে৷ দেৱজিতৰ মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰি দেৱজিতৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি কয়৷ উল্লেখ্য যে, দেৱজিতে গুৱাহাটীৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানত ভিডিঅ’ জাৰ্নালিষ্ট হিচাপে কাম কৰিছিল৷ হাঁহিমুখীয়া দেৱজিতে সকলোৰে সৈতে কময় সময়ৰ ভিতৰতে মিলি যাব পাৰিছিল৷

তেওঁ MyNewsNEতো প্ৰায় এবছৰ কাল ভিডিঅ’ জাৰ্নালিষ্ট হিচাপে কাম কৰিছিল৷ MyNewsNE পৰিয়ালে দেৱজিৎৰ মৃত্যুত শোকহত পৰাৰ লগতে আত্মাৰ সদ্গতি কামনা কৰে৷