Local, Vocal, Global

কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবৰ্ষ অতিক্ৰম

কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবৰ্ষ অনুষ্ঠানত উপস্থিত মন্ত্ৰী নন্দিতা গাৰ্লোছা।সমাৰোহৰ দ্বিতীয় দিনা কলিয়াবৰৰ এশ গৰাকী বিশিষ্ট ব্যক্তিয়ে এশখন পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ পাতনি মেলে।গৌৰৱোজ্জল শতবৰ্ষ গৰকিলে ৬৭০ টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান ৬ কোটিৰো অধিক টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী হোৱা কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে।

 প্ৰাক স্বাধীনতা কালতে ১৯২০ চনত এটি ক্ষুদ্ৰ বেংক হিচাপে স্থাপন হোৱা সমবায় সমিতিখনে পৰৱৰ্তী সময়ত সমবায় আন্দোলনৰ এক শতবৰ্ষীয় যাত্ৰা অতিক্ৰম কৰি ২০২০ বৰ্ষত শতবৰ্ষ সম্পূৰ্ণ কৰে। 

সমবায় খণ্ডলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বঁটা প্ৰদান কৰে।

প্ৰাক্তন উদ্যোগ মন্ত্ৰী¸সাহিত্যিক¸শিক্ষাবিদ গুনীন হাজৰিকাই উন্মোচন কৰে ‘শতদল’ শীৰ্ষক স্মৃতিগ্ৰন্থ।

ক’ভিড পৰিস্থিতিৰ বাবে দুটা বছৰ থমকি ৰৈ এই বছৰৰ ১০ আৰু ১১ অক্টোবৰত সমবায় সমিতিখন দুদিনীয়াকৈ আয়োজন কৰিছে শতবৰ্ষ সমাৰোহৰ।

 শতবৰ্ষ সমাৰোহৰ লগত সংগতি ৰাখি মুকলি সভা, স্মৃতিচাৰণকে ধৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ।

 উল্লেখ্য যে, ১৯২০ চনত স্থানীয় বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী খৰ্গেশ্বৰ গোস্বামীৰ নেতৃত্বত ক্ষুদ্ৰ বেংক হিচাপে আৰম্ভ হোৱা সমবায় সমিতিখনে পৰবৰ্তী সময়ত ৰাজ্যৰ সমবায় আন্দোলনত এক বৰ্ণিল ইতিহাস গঢ়িবলৈ সক্ষম হয়।