Local, Vocal, Global

কলগাছিয়াৰ তাৰাকান্দীত বেকী নদীত ভৰি পিচলি সন্ধানহীন যুৱক

নিউজ ডেস্ক : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত মইনবড়ীৰ তাৰাকান্দীত আজি নুৰ হুছেইন নামৰ ব্যক্তি জনৰ ২৫ বছৰীয়া পুত্ৰ ৰমজান আলী নদীত পিচলি পৰি সন্ধানহীন হয়। স্থানীয় ৰাইজৰ মতে যোৱা কেইবাদিন ধৰি বেকী নদীৰ প্ৰৱল খহনীয়াৰ ফলত নিজ ঘৰৰ সামগ্ৰী সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ সময়তে নদীৰ পাৰত ভৰি পিচলি পৰি নদীৰ প্ৰৱল সোতত উঠি যায়। লগে লগে স্থানীয় ৰাইজে নদীৰ পৰা উঠাই অনাৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে ডাঙৰ নৌকাৰ অভাৱত উদ্ধাৰ কৰিব নোৱাৰিলে। ফলত স্থানীয় সমাজকৰ্মী হবিবৰ ৰহমান,মনিৰ উদ্দীনে ততাতৈয়াকৈ মইনবড়ী আৰক্ষী চকীৰ লগতে কলগাছিয়া ৰাজহচক্ৰ বিষয়াক খবৰ দিয়ে আৰু লগে লগে মইনবড়ী আৰক্ষীৰ এটা সজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ ডাঙৰ যন্ত্ৰচালিত নৌকাৰে অনুসন্ধান আৰম্ভ কৰে যদিও মইনবড়ী আৰক্ষী চকীৰ সজাতি দলে ৰমজান আলীক উদ্ধাৰ কৰিব নোৱাৰে।

স্থানীয় ৰাইজে অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনায় যাতে নদীৰ প্ৰৱল সোঁতে উটুৱাই নিয়া ৰমজান আলীক উদ্ধাৰ কৰি পৰিয়ালক যাতে উদ্ধাৰ কৰে ।