Local, Vocal, Global

বনৰীয়া হাতীৰ কৰুণ মৃত্যু

নিউজ ডেস্ক: হোজাইত এটি বনৰীয়া হাতীৰ কৰুণ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে

হোজাই শালবাগান ফৰেষ্ট ৰিজাৰ্ভৰ ভিতৰত অৰ্ধগলীত অৱস্থাত প্ৰায় ২০ বছৰীয়া হাতীটোৰ মৃতদেহটো উদ্ধাৰ হৈছে

হাতীটোৰ মৃত্যু প্ৰায় চাৰি পাঁচ দিন পূৰ্ৱে হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে

বহু দিন ধৰি হাতীটো বেমাৰত আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে

এই ক্ষেত্ৰত নীৰৱ ভূমিকা অৱলম্বন কৰাৰ অভিযোগ হোজাই বন বিভাগৰ বিৰূদ্ধে উত্থাপিত হৈছে

উল্লেখযোগ্য যে হোজাই শালবাগান ফৰেষ্ট ৰিজাৰ্ভ খনৰ পৰা উপখণ্ড বনবিষয়া কার্যলয়লৈ মাত্ৰ ১০০মিটাৰ

তেনেস্থলত হাতী তোৰ মৃত্যু কেনেকৈ হ’ল সেয়া এই মুহুৰ্ত্তৰ এক ডাঙৰ প্ৰশ্নবোধকত পৰিণত হৈছে

কেৱল এয়াই নহয় পূৰ্বেও তিনি মাহৰ ভিতৰতে তিনিটাকৈ হাতীয়ে মৃত্যুক আকোঁৱালি লৈছে