Local, Vocal, Global

বিশিষ্ট সমাজকৰ্মী যোগমোহন বড়োৰ মৃত্যু, দল-সংগঠনৰ শোক প্ৰকাশ

নিউজ ডেস্ক: মহানগৰীৰ বিশিষ্ট সমাজকৰ্মী যোগমোহন বড়োৱে শেষনিশ্বাস ত্যাগ কৰে৷ বিশিষ্ট সমাজকৰ্মী যোগমোহন বড়োৰ মৃত্যুত মালিগাঁৱকে ধৰি বিভিন্ন এলেকাত শোকৰ ছাঁ পৰে৷ জন্মস্থান শিংৰাৰ পুখুৰীপাৰ গাঁৱত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ গুৱাহাটীৰ বাথৌ সমাজৰ সৈতে ওতপ্ৰোতভাৱে জড়িত যোগমোহন বড়োৱে ঘোঁৰামৰা, মালিগাঁওসহ বিভিন্ন বাথৌ সমাজৰ সৈতে লগলাগি সমাজৰ কাম কৰি আছিল৷ মালিগাঁও বাথৌ সমাজৰ সৈতে জড়িত যোগমোহন বড়োৰ মৃত্যুত মালিগাঁও বাথৌ সমাজে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতক আৰনাইৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মালিগাঁও বাথৌ সমাজে পৰম্পৰাগত পতাকা ৫ দিনৰ বাবে অৰ্ধনমিতও কৰে৷ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা হিচাপে হাফলঙত কৰ্মৰত অৱস্থাতে অসুস্থ হৈ পৰিছিল বড়ো৷ ততাতৈয়াকৈ গুৱাহাটীৰ দিছপুৰ জিএনআৰচিত ভৰ্তি কৰা হয় যদিও যোগমোহন বড়োৱে মৃত্যুক আকোৱালি লয়৷ ইহসংসাৰত সহধৰ্মিনী আৰু দুই কন্যাক এৰি থৈ যায়৷