অসমত প্ৰৱেশ কৰা বাহনৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ, ৯ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক: গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই সীমান্ত এলেকাত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত ৯ জন লোকক আটক কৰে৷ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অসম বংগ সীমান্ত অঞ্চলত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন বাহনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত ন জনক আটক কৰে ৷ ধৃত লোক সকল গোসাইগাঁও মহকুমাৰ এলেকাৰ নিৰঞ্জিত বসুমতাৰী, মনোজ সাহ, সঞ্জয় সৰকাৰ, আবুছামা মণ্ডল, আখতাৰ হুছেইন, ধনৰাজ বসুমতাৰী, আবু বক্কৰ ছিদ্দিকী, মফিজুল ইছলাম আৰু আব্দুল খালেক মণ্ডল বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে এতিয়ালৈকে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য দিয়া নাই। কিন্তু হঠাতে এই অভিযান কাৰ অংক নিমিলাৰ বাবেই বা কৰা হ’ল তাকে লৈ ৰাইজৰ মাজত চৰ্চা আৰম্ভ হোৱাও পৰিলক্ষিত হৈছে।