সন্ত্ৰাস জৰ্জৰিত অসমলৈ শান্তি উভতাই অনা হাঁহিমুখীয়া তৰুণ গগৈৰ আজি ওপজা দিন
নিউজ ডেস্ক: অসমৰ জনতাৰ হিয়াৰ আমঠু জননেতা, পদ্মভূষণ তৰুণ গগৈৰ আজি ওপজা দিন৷ হাঁহিমুখীয়া তৰুণ গগৈক আজি ওপজা দিনটোত উজনি-নামনি অসমত কংগ্ৰেছৰ নেতা-কৰ্মীৰ লগতে বিভিন্ন স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ গুৱাহাটীৰ ৰাজীৱ ভৱনতো কংগ্ৰেছে বিশেষ কাৰ্যসূচী আয়োজন কৰিছে৷ ৰাজীৱ ভৱনত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে প্ৰতিচ্ছৱিত মাল্যৰ্পণ কৰে৷ আনহাতে দিছপুৰ কংগ্ৰেছৰ কাৰ্যালয়ত বিশেষ অনুষ্ঠানৰ আয়োজন কৰি প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অসমৰ ইতিহাসত সকলোতকৈ দীৰ্ঘ সময় মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত ৰাজনীতিবিদ তৰুণ গগৈৰ ২০২০ চনৰ ২৩ নৱেম্বৰত ইহলীলা সম্বৰণ কৰিছিল৷ ১৯৩৬ চনৰ ১১ অক্টোবৰত যোৰহাটত জন্মগ্ৰহণ কৰিছিল৷ ছাত্ৰ জীৱনৰ পৰাই ৰাজনীতিৰ সৈতে জড়িত আছিল৷
বিধায়ক, সাংসদ হোৱাৰ লগতে
তৰুণ গগৈ একেৰাহে ১৫ বছৰতকৈও বেছি সময় অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ২০০১ চনৰ পৰা ২০১৬ চনলৈ একেৰাহে অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ কালত অসমৰ ব্যাপক উন্নয়ন হৈ থকা বুলি কোৱা হয়। তৰুণ গগৈৰ মৃত্যুৰ সময়ত সমগ্ৰ অসমে চকুলো টুকিছিল। সমগ্ৰ অসম একপ্ৰকাৰ স্তদ্ধ হৈ পৰে। হাজাৰ হাজাৰ লোকে গুৱাহাটীলৈ আহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সেইগৰাকী তৰুণ গগৈ অসমৰ মানুহৰ আপোন আছিল৷ সন্ত্ৰাস জৰ্জৰিত অসমখন তৰুণ গগৈৰ কালতে শান্তিৰ পৰিবেশ গঢ়ি উঠাৰ লগতে উন্নয়নমূলক কাম হোৱা বুলি চৰ্চা হয়৷ সেইগৰাকী সফল ৰাজনীতিবিদ, পদ্মভূষণ তৰুণ গগৈৰ আজি জন্ম বাৰ্ষিকী৷ তৰুণ গগৈৰ আজি জন্ম বাৰ্ষিকীত আজি সমগ্ৰ অসমে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
কংগ্ৰেছ দলৰো নেতা-কৰ্মীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক৷ হাস্যৰসিক মুখত সকলো সময়তে হাঁহিটো লৈ ফুৰা গগৈয়ে ৰাইজৰ মাজত এক সুকীয়া আসন লাভ কৰিছিল৷ ১৯৬৮ চনত যোৰহাট পৌৰসভালৈ নিৰ্বাচিত হৈ গগৈয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলে৷ পিছত সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ লগতে মুখ্যমন্ত্ৰী হিচাপে ১৫ বছৰ কাৰ্যনিৰ্বাহ কৰি ৰেকৰ্ড গঢ়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ ঘনিষ্ঠ আছিল৷ ইন্দিৰা গান্ধীৰ সময়ছোৱাত কংগ্ৰেছৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল৷ ৰাজীৱ গান্ধীৰ সময়ছোৱাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা গগৈ অসমৰ ৰাজনীতিৰ উত্থান-পতনৰ সাক্ষী হৈ পৰে৷