নিশা পথৰ দাঁতিৰ খুঁটাত খুন্দা, থিতাতে নিহত দুই কিশোৰ আবু-মফিজুৰ
নিউজ ডেস্ক: বৰপেটাৰ আলোপতিত ভয়াবহ বাইক দুৰ্ঘটনাত দুগৰাকী যুৱক থিতাতে নিহত হয়৷ আলোপতিৰ শান্তিপুৰৰ নুৰ মহম্মদৰ পুত্ৰ মফিজুৰ ৰহমান (১৯) আৰু নিচানৰ চৰৰ আবুল হুছেনৰ পুত্ৰ আবু তালেবেৰ (১৬) মৃত্যু হয়৷ দুয়োজনেই পশ্চিম আলোপতি ফকিৰপাৰা বজাৰত এখন গেৰেজত কাম কৰিছিল। নিশা গেৰেজ বন্ধ কৰি AS-15-U-1934 নম্বৰৰ FZ বাইকেৰে ঘৰলৈ ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুৎৰ খুঁটাত খুন্দা মাৰে আৰু মূৰত গুৰুতৰভাৱে আঘাত পায়। স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে ততাতৈয়াকৈ আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিওঁ ইতিমধ্যে দুয়ো জনৰেই মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। আলোপতি চৰ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলায়৷