Local, Vocal, Global

শিলচৰত চেপা উত্তেজনা, পূজা সমিতিয়ে বান্ধি দিলে ৩ দিনৰ সময়-সীমা

নিউজ ডেস্ক: দুৰ্গা পূজা সমিতিৰ সদস্যক আক্ৰমণ চলোৱাৰ ঘটনাৰ পাছৰে পৰা শিলচৰত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ দুৰ্গা পূজা সমিতিৰ সদস্যক আক্ৰমণ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত জাঙুৰ খাই উঠিছে সকলো পূজা সমিতি৷ দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ ৩ দিনৰ সময় সীমা বান্ধি দিছে শিলচৰৰ দুৰ্গাপূজা সমিতিসমূহে৷ অন্যথাই শিলচৰৰ চহৰত ভয়াবহ আন্দোলনৰ সাক্ষী কৰাৰ হুংকাৰ প্ৰদান কৰে দুৰ্গা পূজা সমিতিসমূহে৷ দশমীত শিলচৰৰ হাস্পিতাল ৰোডৰ সন্মুখত কিছু দুস্কৃতিকাৰিয়ে বিলপাৰ দুৰ্গাপূজা সমিতিৰ সদস্য আৰু স্থানীয় ৰাইজক আক্ৰমণ কৰিছিল। ফলত বহু লোক আঘাতপ্ৰাপ্ত হয়। অভিযোগ মতে দুস্কৃতিকাৰিসকল আছিল শিলচৰৰ তপোবন নগৰ দুৰ্গা পূজা সমিতিৰ সদস্য। প্ৰতিবছৰ দুৰ্গা পূজা সমিতিয়ে ভাচনীৰ সময়ত এনে ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে৷ দুস্কৃতিকাৰিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত জাঙুৰ খাই উঠিছে নাগিৰক। আজি শিলচৰৰ ৩০ খনৰো অধিক পূজা সমিতিয়ে কাছাৰৰ উপাযুক্তক সাক্ষাৎ কৰি দুৰ্বৃত্তক আটক কৰিবলৈ ৩ দিনৰ সময় সীমা বান্ধি দিয়ে৷