Local, Vocal, Global

সলনি হ’ব ‘লভিতা’ৰ নাম

নিউজ ডেস্ক: ব্যাপক বিতৰ্কৰ মাজতে লভিতা নামৰ নাটকখনৰ নাম সলনি কৰাৰ ঘোষণা কৰিছে আৱাহন থিয়েটাৰ কৰ্তৃপক্ষই৷ আজি এখন সংবাদমেল পাতি
নাম সলনি কৰাৰ ঘোষণা কৰে আৱাহন থিয়েটাৰ কৰ্তৃপক্ষই৷ নলবাৰীৰ পকোৱাত নাট লভিতাৰ নাম সলনি কৰাৰ ঘোষণা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্য আৰু অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ। কিন্তু জ্যোতিপ্ৰসাদৰ লভিতাক বিকৃত কৰা হোৱা নাই বুলি দাবী কৰে অভিজিৎ ভট্টাচাৰ্য্য আৰু অভিনেত্ৰী প্ৰস্তুতি পৰাশে৷ এচামে নোচোৱাকৈ বিতৰ্ক কৰি আছে। আজি নলবাৰীৰ পকোৱাত আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি জ্যোতিপ্ৰসাদৰ লভিতা অক্ষত অৱস্থাত আছে বুলি কয় অভিজিৎ ভট্টাচাৰ্য্য আৰু প্ৰস্তুতি পৰাশৰে। জ্যোতিপ্ৰসাদৰ লভিতাক আলম লৈহে ৰচনা কৰা হৈছে নাটখন। নাটকখনত সংযোজিত বিভিন্ন গীত সন্দৰ্ভতো প্ৰতিক্ৰিয়া দুয়োজনৰে।