Local, Vocal, Global

চৰকাৰৰ সমৰ্থনত জুবিন গাৰ্গৰ মন্তব্য, সামাজিক মাধ্যমত বিতৰ্ক

নিউজ ডেস্ক: জুবিন গাৰ্গে কৰা শেহতীয়া মন্তব্যই সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিছে৷ জুবিন গাৰ্গে কালি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দি টেক্স অলপ বাঢ়িবই বুলি কৈছিল।

মূল্যবৃদ্ধি তথা কৰ বৃদ্ধি সন্দৰ্ভত গাৰ্গে কৈছিল যে কাৰণ ক’ৰোনা মহামাৰীৰ পিছত ফাইনেন্সিয়েল ক্ৰাইচিছ সমগ্ৰ পৃথিৱীতে হৈছে। গতিকে অলপ দিন আমি টেক্স বেছিকৈ দিব লাগিব। লাহে লাহে সকল ঠিক হ’ব।

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে চৰকাৰ সপক্ষে কৰা এনে মন্তব্যই সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিছে। একাংশ লোকে এই মন্তব্য চৰকাৰৰ সমৰ্থনত কৰা বুলি সমালোচনা কৰা দেখা গৈছে৷