সোণতলীত চালকৰ তাণ্ডৱ অব্যাহত, ট্ৰাকৰ খুন্দাত নিহত আব্দুল
সোণতলীঃ দক্ষিণ কামৰূপৰ সোণতলীত মালবাহী ট্ৰাকৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাত উত্তেজনাই বিৰাজ কৰিছে৷ তীব্ৰবেগী ট্ৰাকৰ খুন্দানত পথালিপাৰা গাঁৱৰ আব্দুল খালেক (৩৫) নিহত হয়৷
AS-01-DD-2656 নম্বৰৰ মালবাহী ট্ৰাকখনে পথালিপাৰাত আব্দুল খালেকক খুন্দা মাৰি পলায়ন কৰে৷ আব্দুল খালেকক স্থানীয় লোকে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাইছিল যদিও আব্দুল খালেকক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে চিকিৎসা প্ৰদানত গাফিলতিৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷
দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় সোণতলী আৰক্ষী৷ সোণতলী আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে আব্দুলক খালেকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে৷