গৰুক ভাৰতৰ জাতীয় জন্তু ঘোষণা কৰাৰ আহ্বান জনাই কৰাৰ আৰ্জি খাৰিজ
নিউজ ডেস্ক: দেশৰ গৰিষ্ঠসংখ্যক হিন্দু ভোটাৰৰ মাজত ধৰ্মীয় আৱেগ সৃষ্টি কৰিবলৈ তৎপৰ হৈ উঠিছে একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠন৷ কেৱল সিমানে নহয় ভাৰতবৰ্ষৰ সাংবিধানিক ব্যৱস্থাকো প্ৰত্যাহ্বান জনায় একাংশ দল-সংগঠন দাবী কৰিব লাগিছে পূৰ্ণাংগ হিন্দু ৰাষ্ট্ৰ৷ ইয়াৰে অংশ হিচাপে বিভিন্ন সময়ত সংঘটিত কৰিছে অসাংবিধানিক কাম-কাজ৷ দেশৰ জনতাৰ মাজত সঞ্চাৰ কৰা হৈছে মুছলমানৰ ভীতি৷
গৰুক লৈও আৰম্ভ হৈছে হিন্দুত্ববাদৰ ৰাজনীতি৷ বিজেপিক পুনৰ ক্ষমতালৈ আনিবৰ বাবে বিভিন্ন কৌশল ৰচনা কৰিছে হিন্দুত্ববাদী দল-সংগঠনে৷ গো-মাংসৰ সেৱন আৰু ব্যৱসায়ক লৈ আৰোপ কৰা হৈছে বাধা নিষেধ৷ এই পশুধন বিধক পূজা উপসনাৰ বাবেও সৃষ্টি কৰা হৈছে অন্ধ বিশ্বাস আৰু ধৰ্মীয় গোড়ামী৷ অন্য অৰ্থত চাৰি ঠেঙীয়া ঘৰচীয়া জন্তুটোক লৈয়ো হিন্দুত্বৰ আৱেগ সৃষ্টি কৰিছে একাংশ হিন্দুত্ববাদী নেতাই৷
গো-মাংস ভক্ষণ কৰাৰ বাবে বহু ইছলামধৰ্মীৱলম্বী লোকক ৰাজহুৱাভাৱে অপমান কৰা হৈছে৷ চলোৱা হৈছে সামাদিক উৎপীড়ন৷ তাৰ সমান্তৰালভাৱে গৰুক ভাৰতবৰ্ষৰ জাতীয় জন্তু হিচাপে ঘোষণা কৰিবলৈ তৎপৰ হৈ উঠিছে হিন্দুত্ববাদী সংগঠন৷ আৰু এই প্ৰক্ৰিয়টোক আইনী ব্যৱস্থাৰে স্বীকৃতি কৰিবলৈ পৰিকল্পনা কৰিছে৷ গোবংশ সেৱা সদন নামৰ এটা হিন্দুত্ববাদী সংগঠনে৷ উল্লেখ যোগ্য যে, কাল্পনিক হিন্দু ৰাষ্ট্ৰৰ অন্যতম লক্ষ্য হ’ল গৰু ভাৰতৰ জাতীয় জন্তু হিচাপে স্বীকৃতি দিয়াটো৷ কিন্তু এই পৰিকল্পনা মোক্ষম আঘাত পাইছে তথাকথিত হিন্দুত্ববাদী সংগঠনসমূহে৷ কিন্তু কেনেকৈ?
গৰুক ভাৰতৰ জাতীয় জন্তু হিচাপে ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল গোবংশ সেৱা সদন নামৰ এটা হিন্দুত্ববাদী সংগঠন৷ ন্যায়ালয়ৰ ওচৰত দাখিল কৰিছিল আবেদন৷ কিন্তু ১০ অক্টোবৰৰ দিনা উচ্চতম ন্যায়ালয়ে দুজনীয়া বিচাৰপীঠে খাৰিজ কৰে এই আবেদন৷ (অৰ্ডাৰ কপি) ন্যায়াধীশ এছ.কে কৌল আৰু ন্যায়াধীশ অভয় শ্ৰীনিবাস ওকাই এই আবেদন খাৰিজ কৰে৷ আৰু এনে বিষয় আদালততলৈ অহা উচিত নহয় বুলি গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে৷
উল্লেখযোগ্য যে, ইতিমধ্যে একাংশ হিন্দুত্ববাদী সংগঠনে ভাৰতীয় সংবিধান উলংঘা কৰি বাৰাম্বাৰ উত্থাপন কৰিব লাগিছে হিন্দু ৰাষ্ট্ৰৰ প্ৰংসগ৷ একে সময়তে শ্ৰমজীৱি দৰিদ্ৰ ইছলামধৰ্মাৱলম্বী লোকৰ ওপৰতো চলিছে সামাজিক উৎপীড়ন আৰু অকথ্য নিৰ্যাতন৷ দৰিদ্ৰ পৰিয়ালৰ যুৱকক কৌশলেৰে অপৰাধী সজোৱাৰ অভিযোগো উঠিছে শত সহস্ৰ৷ ঠিক সেই সময়তে গৰুক দেশৰ জাতীয় জন্তু হিচাপে ঘোষণা কৰিবলৈ দেশৰ উচ্চতম ন্যায়ালৰ দ্বাৰস্থ হোৱা বিষয়টোও যথেষ্ট তাৎপৰ্যপূৰ্ণ৷
অৱশ্যে এই বিষয় উচ্চতম ন্যায়ালয়ে পোনছাটে নাকচ কৰে৷ অন্য অৰ্থত হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ বিজেপি আৰু আৰএছএছৰ মতদপুষ্ট হৈ একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনে যি ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছে তাত নিসন্দেহে ই এক মোক্ষম আঘাত৷ অৱশ্যে ইয়াৰ পাছত হিন্দুত্ববাদী সংগঠনসমূহে কাল্পনিক হিন্দু ৰাষ্ট্ৰৰ প্ৰসংগত কি স্থিতি লয় সেইটো বিশেষভাৱে লক্ষ্যণীয় হৈ থাকিব৷