পথৰ পৰা পুখুৰীত বাগৰি পৰিল যাত্ৰীবাহী বাছ
নিউজ ডেস্ক: বঙাইগাঁও জিলাৰ অভয়াপুৰীত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হয়। অভয়াপুৰী শিঙিমাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পুখুৰীত বাগৰি পৰে। দুৰ্ঘটনাত পতিত AS-25-BC-1065 নম্বৰৰ যাত্ৰীবাহী বাছখন বৰপেটাৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল। দুৰ্ঘটনাটোত কোন লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উত্তৰ শালমাৰা আৰক্ষী উপস্থিত হয়।