Local, Vocal, Global

বাইহাটা চাৰিআলিত দুদিনীয়াকৈ লক্ষ্মীপূজা পালন

নিউজ ডেস্ক: ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী কলমনিটো শ্ৰী শ্ৰী লক্ষ্মীপূজাৰ পালন কৰা হয়। ৪৮বৰ্ষ গৰকা পূজাখন দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। সম্পূৰ্ণ ধৰ্মীয় ৰীতিনীতিৰে আয়োজিত পূজাস্থলীত শ শ ভক্তপ্রাণ ৰাইজৰ উপস্থিতি দেখা যায়। নাম প্ৰসংগৰ সমান্তৰালকৈ পূজাস্থলীত আয়োজন কৰা হৈছে বিভিন্ন গীত-মাত, নৃত্যৰ অনুষ্ঠান। বহু দূৰ দূৰণিৰ পৰা অহা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে লক্ষ্মী পূজাস্থলীত এক উখল মাখল পৰিবেশৰ সৃষ্টি কৰিছে৷