Local, Vocal, Global

ছিপাঝাৰত জলজীৱন আঁচনিৰ জলমিত্ৰ নিৰ্বাচনত দুৰ্নীতি

নিউজ ডেস্ক: জলজীৱন আঁচনিৰ জলমিত্ৰ নিৰ্বাচনত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে দৰং জিলাৰ ছিপাঝাৰত। দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত লোক্ৰাই গাঁও পঞ্চায়তৰ স’লপামত জলজীৱন আঁচনিৰ জলমিত্ৰ নিৰ্বাচনত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। স’লপামত জলজীৱন আঁচনিৰ জলমিত্ৰ নিয়োগ কৰিবলৈ ৰাইজৰ অজ্ঞাতে গোপনে ১৪-১৫ গৰাকী লোকে এখন সভা পাতি অৰূপ কুমাৰ নাথক নিৰ্বাচন কৰাত জাঙুৰ খাই উঠিছে একাংশ ৰাইজ। এই নিৰ্বাচনক অবৈধ ঘোষণাৰ দাবী জনাই দৰং জিলাৰ উপায়ুক্তক তদন্তৰ বাবে স্মাৰক পত্ৰ দাখিল কৰিছে ৰাইজে। সমগ্ৰ প্ৰক্ৰিয়াত লোক্ৰাই গাঁও পঞ্চায়তৰ সভাপতি আৰু স্থানীয় গাঁওপ্ৰধান জড়িত থকাৰ অভিযোগ আনিছে ৰাইজে।