৬ বছৰীয়া কন্যাৰ মূৰ ফালিলে হাবিলদাৰে, ঘৰলৈ এবাৰ আৰক্ষীৰ বিষয়া নাহিল খবৰ ল’বলৈ
নিউজ ডেস্ক: ৬ বছৰীয়া কন্যা শিশুৰ মূৰ ফলা কনিষ্টবলক নিলম্বন কৰিয়েই দায়িত্ব সামৰিলে ধুবুৰী আৰক্ষীয়ে৷ ঘটনাৰ তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালে৷ এটি কণমানি শিশুৰ ওপৰত বৰমতা দেখুওৱা হাবিলদাৰ শিৱেশ সেনগুপ্তাক ইতিমধ্যে নিলম্বন কৰা হৈছে৷ হাবিলদাৰ শিৱেশ সেনগুপ্তাৰ অমানবীয় ৰূপে ৰাইজক ক্ষোভিত কৰিছিল। জনতাৰ ৰক্ষকেই এনে আচৰণ কৰি ৬ বছৰীয়া শিশু আৰু পিতৃক মাৰধৰ কৰিছিল৷ কন্যাগৰাকীক কোবাই মূৰ ফালিছিল। ঘটনাৰ পাছতে অভিযুক্ত কনিষ্টবল শিৱেশ সেনগুপ্তাক নিলম্বন কৰা হয় যদিও পৰিয়ালে কেৱল নিলম্বন কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ আনিছে। তদন্তৰ বাবে অনিশ্চয়তাত ভুগিছে পৰিয়ালটোৱে। তদন্তক লৈ আশ্বস্ত নহয় পৰিয়ালটো৷ যোৱা ৭ অক্টোবত চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শালকোচী আৰক্ষী চকীত সংঘটিত হৈছিল এই অমানবীয় ঘটনা। চাপৰৰ মৌৱাটাৰীৰ ইয়াকুব আলী আৰু তেওংৰ কন্যাক স্কুটীৰেৰে গৈ থকা অৱস্থাত প্ৰহাৰ কৰিছিল হাবিলদাৰ শিৱেশ সেনগুপ্তাই৷ শালকোচা আৰক্ষী চকীৰ হাবিলদাৰ শিৱেশ সেনগুপ্তাৰ প্ৰহাৰত গুৰুতৰভাবে আহত হৈছিল ৬ বছৰীয়া কন্যাটি৷ হাবিলদাৰৰ লাঠিৰ কোবত শিশুটিৰ মূৰ ফালি যোৱাত শিশুটিক উন্নত চিকিৎসা কৰিবলগীয়া হয়৷ ইপিনে শিশুটিৰ স্বাস্থ্যৰ বুজ লবলৈ চাপৰৰ খৰিদা গোঁসাইগাঁৱৰ ঘৰত উপস্থিত হয় বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদা৷ বিধায়ক গৰাকীয়ে শিশুটিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে কিছু আৰ্থিক অনুদান আগবঢ়াই৷ বিধায়ক গৰাকীয়ে কয় যে আৰক্ষী প্ৰশাসনক ৰাইজৰ পক্ষত থাকি শান্তি শৃংখলা বজাই ৰাখিবলৈ কয়৷ আৰক্ষীয়ে সাধাৰণ ৰাইজক প্ৰহাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিধায়ক হুদাই৷