পুৰুষ নহয়, মহিলাৰ ভাওঁনাত হাজাৰ হাজাৰ দৰ্শক
নিউজ ডেস্ক: পুৰুষ নহয়, এইবাৰ মহিলাৰ ভাওঁনা। চতিয়াত মহিলাৰ ভাওনাই মুহিত কৰিলে শ-শ দৰ্শকক৷ ভীম, দুৰ্যোধনৰ চৰিত্ৰত মহিলাই কৰা অভিনয়ে মন্ত্ৰমুগ্ধ কৰিলে ভাওনা প্ৰেমি দৰ্শকক। ৰাইজ তথা চতিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলাপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় মহিলা ভাওনা। দেওবাৰে নিশা ‘দ্ৰোপদীৰ বস্ত্ৰ হৰণ আৰু যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ’ নামৰ ভাওনা মঞ্চস্থ কৰা হয়৷ ভাওনাত ভীম, দুৰ্যোধনৰ প্ৰতিটো চৰিত্ৰতেই মহিলাৰ সুন্দৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰে ৰাইজক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাৰ পূৰ্ণাঙ্গ নাট মহিলাৰ দ্বাৰা মঞ্চস্থ হোৱাত সমাজৰ বাবে ইতিবাচক বুলি চৰ্চা হৈছে৷