বিজেপিৰ ৰাজমহল সদৃশ অফিচত বান পৰীক্ষা কেন্দ্র স্থাপন কৰিব ভূপেন বৰাই
নিউজ ডেস্ক: আজি ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপন কুমাৰ বৰাই অমিত শ্বাহৰ বক্তব্যক উভতি ধৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ দুদিন পূৰ্বে অমিত শ্বাহে অসম বিজেপিৰ কাৰ্যালয় মুকলি কৰি অহা ৫ বছৰত অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ তাৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ তাৰ মাজতে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপন কুমাৰ বৰাই তীব্ৰ আক্ৰমণ কৰে বিজেপি আৰু অমিত শ্বাহক৷ ভূপেন বৰাই কয় ‘অসম বান মুক্ত হ’বলৈ হ’লে প্ৰথমে বিজেপি মুক্ত হ’ব লাগিব৷ আমাৰ চৰকাৰ আহিলে বিজেপিৰ অফিচ আতৰাই স্থাপন কৰা হ’ব বান পৰীক্ষা কেন্দ্র৷’