Local, Vocal, Global

২৪ কেজি গাঞ্জাসহ জালত আমিৰুল

নিউজ ডেস্ক: ভাৰত-ভূটান সীমান্তৰ পৰা দৰং জিলালৈ সৰবৰাহ হৈছে গাঞ্জা৷ দলগাঁৱত গাঞ্জাসহ ওদালগুৰিৰ যুৱক গ্ৰেপ্তাৰৰ পাছতে এই তথ্য পোহৰলৈ আহিছে৷ দলগাঁও আৰক্ষীয়ে দলগাঁৱৰ চুকাবাসী গাঁৱত অভিযান চলাই আমিৰুল ইছলাম নামৰ যুৱকক প্ৰায় ২৪ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷ চাইকেলেৰে গাঞ্জা সৰবৰাহ কৰি থকাৰ সময়ত আমিৰুল ইছলাম গাঞ্জাসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ যুৱকজনে ভাৰত-ভূটান সীমান্তৰ মেধিপাৰাৰ পৰা আনিছিল গাঞ্জা খিনি৷ আৰক্ষীয়ে ২৩ কেজি ৩৩০ গ্ৰাম গাঞ্জাসহ গ্ৰেপ্তাৰ কৰা যুৱকৰজনৰ ঘৰ ওদালগুৰি জিলাৰ মেধিপাৰাত বুলি জানিব পৰা গৈছে৷