Local, Vocal, Global

বৰষুণে ভংগ কৰিলে ১৫ বছৰৰ অভিলেখ, দিল্লী-এনচিআৰত ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা

নিউজ ডেস্ক: সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানী-এনচিআৰত ধাৰাষাৰ বৰষুণৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে৷ তাপমাত্ৰা প্ৰভাৱিত হোৱাৰ লগতে শীতৰ আগমন অনুমান কৰিছে নাগৰিকে হৈছে।

উত্তৰ প্ৰদেশত বৰষুণৰ বাবে কাইলৈ বহু জিলাত বিদ্যালয় সমূহ বন্ধ থাকিব। বিদ্যালয়সমূহক সংশ্লিষ্ট হোৱাটছএপ গোটৰ জৰিয়তে ধাৰাসাৰ বৰষুণৰ বাবে বিদ্যালয় সমূহ বন্ধ হোৱাৰ বিষয়ে সকলো অভিভাৱক আৰু শিক্ষাৰ্থীক অৱগত কৰিবলৈ কোৱা হৈছে। যিবোৰ জিলাত বিদ্যালয় বন্ধ থাকিব সেইবোৰ হ’ল লক্ষ্ণৌ, কানপুৰ, আলিগড়, মীৰাট, গৌতম বুদ্ধ নগৰ, গাজিয়াবাদ, আগ্ৰা আৰু হাপুৰ।

উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত বিগত ২৪ ঘণ্টাত ধাৰাসাৰ বৰষুণ হৈ আছে। বতৰ বিজ্ঞান বিভাগে আজিও বৰষুণ অব্যাহত থাকিব বুলি ভৱিষ্যতবাণী কৰিছে। একে সময়তে, দিল্লী-এনচিআৰত ধাৰাসাৰ বৰষুণে ১৫ বছৰৰ অভিলেখ ভংগ কৰিছে। বতৰ বিজ্ঞান বিভাগৰ মতে ২০০৭ চনৰ পিছত যোৱা দুদিনত দ্বিতীয় সৰ্বাধিক বৰষুণ।

পূৱ বতাহ মুখ্যতঃ আৰ্দ্ৰতাৰ বাবে দায়ী, যাৰ ফলত বৰষুণ হয়। গুজৰাট আৰু পূব ৰাজস্থানৰ আৰৱ সাগৰৰ পৰা দিল্লী অঞ্চল পাৰ হৈ উত্তৰাখণ্ডলৈ নিজৰ ভৰি বিয়পাইছে। হাৰিয়ানাৰ গুৰুগ্ৰামৰ চেক্টৰ ১১১-ত এটা অট্টালিকা নিৰ্মাণাধীন আছিল৷ ইয়াৰ বাবে সেই স্থানত এটা ডাঙৰ গাঁত আছিল। ধাৰাসাৰ বৰষুণৰ বাবে এই গাতটো পানীৰে ভৰি পৰিছিল৷ ওচৰৰ ছয়টা শিশু এই গাঁতটোত গা ধুবলৈ নামিছিল কিন্তু ডুব গৈছিল। সকলো শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দিল্লীৰ লাহোৰী গেটৰ ওচৰত এটা অট্টালিকা খহি পৰাৰ ফলত এজনী ছোৱালীৰ মৃত্যু হৈছিল। আনহাতে ৯ জন লোকক উদ্ধাৰ কৰা হৈছে। হাৰিয়ানাৰ ফৰিদাবাদত যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাস্তাত সংগ্ৰহ কৰা পানীত এজন লোক ডুব যোৱাৰ অভিযোগ আছে, দেওবাৰে আৰক্ষীয়ে জনায়।