জনতাৰ ‘নেতাজী’, জৰুৰীকালীন অৱস্থাত ১৯ মাহ কটাইছিল কাৰাগাৰত
নিউজ ডেস্ক: উত্তৰ প্ৰদেশৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী মুলায়ম সিং যাদৱৰ আজি পুৱা চিকিৎসাধীন অৱস্থাত ইহলীলা স্মবৰণ কৰে৷
দেশৰ নেতাজাৰী মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পাছতে সমগ্ৰ দেশত শোকৰ ছাঁ পৰে৷ দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, বিৰোধী দল কংগ্ৰেছৰ নেতাকে ধৰি সকলোৱে শোক প্ৰকাশ কৰে৷
সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ অৱস্থা অতি সংকটজনক হৈ পৰাত গুৰুগ্ৰামৰ মেদান্ত হস্পিতালত ভৰ্তি হৈ আছিল৷ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে নিবিড় যত্ন কৰি চিকিৎসা কৰি আছিল যদিও তেখেতৰ মৃত্যু আজি হয়। চিকিৎসকৰ এটা দলে নিৰন্তৰ তেওঁৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছিল। সমাজবাদী পাৰ্টিয়ে টুইটাৰ একাউণ্টৰ জৰিয়তে মৃত্যুৰ খবৰ প্ৰকাশ কৰাৰ লগতে দলৰ সমৰ্থকসকলক হস্পিতালত ভিৰ নকৰিবলৈ কৈছে। নেতাজীৰ সৈতে পৰিয়ালৰ সদস্যসকল হস্পিতালতে আছে। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সমাজবাদী পাৰ্টিৰ পিতৃ পুৰুষ মুলায়ম সিং যাদৱৰ অৱস্থাৰ অৱনতি হোৱাৰ পাছত গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অখিলেশ যাদৱক ফোন কৰি মুলায়ম সিং যাদৱৰ আশু-আৰোগ্য কামনা কৰিছিল। চিকিৎসাৰ বাবে সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছিল মোদীয়ে।
উত্তৰ প্ৰদেশৰ ইটাৱা জিলাৰ চৈফাইত ১৯৩৯ চনৰ ২২ নৱেম্বৰত জন্ম হৈছিল মুলায়ম সিং যাদৱৰ৷ তৃণমূল পৰ্যায়ত জনতাৰ হৈ মাত মতা নেতা আছিল৷ পথৰ পৰা বিধানসভা-লোকসভালৈ তেখেতৰ সংগ্ৰামৰ কথা আজি চৰ্চিত৷ সময় যোৱাৰ লগে লগে এজন প্ৰখ্যাত ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজবাদী নেতা ৰূপে প্ৰতিষ্ঠিত হৈছিল৷ তেখেত সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে একেৰাহে তিনিবাৰ কাৰ্যনিৰ্বাহ কৰিছিল৷ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। দীৰ্ঘদিনীয়া সাংসদ, লোকসভাত মৈনপুৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি সাংসদ হৈ আছিল৷ আজমগড় আৰু সম্ভাল সমষ্টিৰ পৰাও সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। দলৰ নেতা আৰু কৰ্মীসকলে তেওঁক প্ৰায়ে নেতাজী বুলি সম্বোধন কৰিছিল।
ৰাম মনোহৰ লোহিয়া আৰু ৰাজ নাৰায়ণৰ দৰে নেতাৰ সৈতে কাম কৰা মুলায়ম সিং যাদৱ প্ৰথমবাৰৰ বাবে ১৯৬৭ চনত উত্তৰ প্ৰদেশৰ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। আঠটা কাৰ্যকাল উত্তৰ প্ৰদেশৰ বিধানসভাৰ প্ৰতিনিধি আছিল৷ ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ সময়ত যাদৱক গ্ৰেপ্তাৰ কৰা হৈছিল৷ ১৯ মাহৰ বাবে কাৰাগাৰত ৰখা হৈছিল। তেওঁ প্ৰথমবাৰৰ বাবে ১৯৭৭ চনত ৰাজ্যিক মন্ত্ৰী হৈছিল। পিছত, ১৯৮০ চনত উত্তৰ প্ৰদেশৰ লোক দলৰ সভাপতি হয়৷ পাছত জনতা দলৰ অংশ হৈ পৰে। ১৯৮২ চনত তেওঁ উত্তৰ প্ৰদেশ বিধান পৰিষদত বিৰোধী দলৰ নেতা নিৰ্বাচিত হয় আৰু ১৯৮৫ চনলৈকে সেই পদত অধিষ্ঠিত হয়। যেতিয়া লোক দলৰ দল বিভাজন হয়, যাদৱে ক্ৰান্তিকাৰী মৰ্চা দল আৰম্ভ কৰিছিল।