থমকি ৰ’ল নৰেন্দ্ৰ মোদী, ২০২৪ত নীতিন গাডকাৰী হ’ব প্ৰধানমন্ত্ৰী!
নিউজ ডেস্ক: ২০২৪ত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ হৈছে গেৰুৱা বাহিনীৰ৷ আৰু হঠাৎ যেন থমকি ৰৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তাৰ বিপৰীতে অতি কৌশলেৰে বিজেপিৰ নেতৃত্ব ল’বলৈ সন্তৰ্পণে আগবাঢ়িছে পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী৷ যোৱা কিছুদিনৰ পৰা আৰএছএছৰ মুৰব্বী মোহন ভাগৱত আৰু নীতিন গাডকাৰীয়ে ধাৰাবাহিক ভাৱে সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, সাম্প্ৰতিক সময়ত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা বহুলাংশে কম হোৱা বাবে গেৰুৱা বাহিনীয়ে পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিব বিচাৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক৷ নীতিন গাডকাৰীৰ বিৰুদ্ধে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগো বিশেষ নাই৷ একেসময়তে দীৰ্ঘদিন ধৰি আৰএছএছৰ লগতো নীতিন গাডকাৰীয়ে সু-সম্পৰ্ক অব্যাহত ৰাখিছে৷ কেৱল সীমানে নহয় আৰএছএছৰ প্ৰচাৰ আৰু প্ৰসাৰৰ আঁৰত থকা মূল নেতাগৰাকীয়ে হৈছে নীতিন গাডকাৰী৷ একেদৰে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতেও দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে মহাৰাষ্ট্ৰৰ এগৰাকী নেতাক৷ সেই সমীকৰণ মতে, আৰএছএছেও কৌশলেৰে প্ৰক্ষেপ কৰিছে মহাৰাষ্ট্ৰৰ অন্যতম প্ৰভাৱশালী নেতা নীতিন গাডকাৰীক৷ ইয়াৰ সমান্তৰালভাৱে নীতিন গাডকাৰীৰ সৈতে উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথকো দিয়া হৈছে বিশেষ দায়িত্ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত নিৰ্বাচন পৰিচালনাৰ সমস্ত দায়িত্ব অৰ্পণ কৰা হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক৷ অৰ্থাৎ গেৰুৱা বাহিনীয়ে গুজৰাটৰ নিৰ্বাচন কেন্দ্ৰীয় ৰাজনীতিৰ পৰা অতি কৌশলেৰে আটৰাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক৷
২০২৪ৰ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আটাইকেইখন লোকসভা আসন দখল কৰিবলৈ তৎপৰ হৈ উঠিছে বিজেপি৷ আৰু তৎপৰতাৰ নেতৃত্ব লৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ যোৱা ০৮ অক্টোবৰত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত নীতিন গাডকাৰীয়ে কৰা ঘোষণাই আপোনাকো স্তম্ভিত কৰি তুলিব৷ তেওঁ ঘোষণা কৰা অনুসৰি ২০২৪ৰ পূৰ্বে উত্তৰ প্ৰদেশৰ পথ-পৰিবহন ব্যৱস্থা আমেৰিকাৰ পথ পৰিবহন ব্যৱস্থাতকৈও উন্নত কৰা হ’ব৷ ৮ অক্টোবৰৰ দিনা উত্তৰ প্ৰদেশত পথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুকলি কৰি দিয়ে ৮ হাজাৰ কোটি টকা৷ আৰু ২০২৩ চনৰ ৩১ মাৰ্চৰ পূৰ্বে ৫ লাখ কোটি টকা মুকলি কৰি দিয়া হ’ব বুলিও সংবাদ প্ৰতিষ্ঠান এএনআইক জনাইছে৷ নিৰ্বাচনৰ পূৰ্বে ইমান বৃহৎ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক কৰ্তৃত্ব দিলে কোনে? ইয়াৰ দ্বাৰা আএছএছ আৰু বিজেপিয়ে হয়তো ইয়াকো স্পষ্ট কৰিব বিচাৰিছে যে ২০২৪ৰ নিৰ্বাচনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নীতিন গাডকাৰী৷
২০২৪ৰ বাবে গেৰুৱা বাহিনীয়ে প্ৰস্তুত কৰিছে সম্পূৰ্ণ ব্যতিক্ৰমী সমীকৰণ৷ ইতিমধ্যে তাৰ আভাসো স্পষ্ট হৈছে৷ প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিব বিচৰা হৈছে নীতিন গাডকাৰীক৷ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিব বিচৰা হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক৷ উত্তৰ প্ৰদেশৰ দৰে জটিল জনগাঁথনি থকা বৃহৎ ৰাজ্য এখনত উগ্ৰ হিন্দুবাদৰ প্ৰয়োগ সফল কৰি তুলিছে যোগী আদিত্য নাথে৷ অনুৰূপ কৌশলেৰে গুজৰাটৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিবলৈও বিজেপি আৰু আৰএছএছে সম্পূৰ্ণ কৰ্তৃত্ব দিছে যোগী আদিত্য নাথক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটত নিৰ্বাচন নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ সমস্ত দায়িত্ব যোগী আদিত্য নাথৰ ওপৰত অৰ্পণ কৰাটোও যথেষ্ট লক্ষ্যণীয় হৈ উঠিছে৷ অন্য অৰ্থত বিজেপিৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা হয়তো নিৰ্বাসণ দিয়া হ’ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক৷