সেউজ-বহনক্ষম স্থাপত্য নির্মাণৰ আহ্বান, খানাপাৰাৰ পৰা গণেশগুৰিলৈ চাইকেল ৰেলী
নিউজ ডেস্ক: সেউজ স্থাপত্য নির্মাণ আৰু প্ৰচাৰৰ আহ্বান জনাই আজি পুৱাই আজি গুৱাহাটী মহানগৰীত এক চাইকেল ৰেলী উলিয়াই কনজিউমাৰ্চ লীগেল প্ৰটেকচন ফৰামে৷ প্লাষ্টিক বৰ্জন, সৌৰ শক্তিৰ ব্যৱহাৰৰ সম্পর্কে ব্যাপক প্ৰচাৰৰ পবিত্ৰ উদ্দেশ্যেক সাৰোগত কৰি এক চাইকেল ৰেলী উলিয়াই কনজিউমাৰ্চ লীগেল প্ৰটেকচন ফৰাম নামৰ সংস্থাটোৱে৷ গ্ৰীণ একচন উইকছৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকচন ফৰামে গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত খানাপাৰাৰ পৰা গণেশগুৰিলৈ চাইকেল যাত্ৰা কৰি নিৰোগী, প্ৰকৃতি ৰক্ষা আদিৰ বাৰ্তা প্ৰদানৰ প্ৰয়াস কৰে৷ পুৱাৰ চাইকেল ৰেলীত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকে অংশ গ্ৰহণ কৰে৷