যুৱকৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ, মাকুম আৰক্ষীৰ তদন্তক সন্দেহ পৰিয়ালৰ
 
				নিউজ ডেস্ক: এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মাকুমত৷ ১৭ বছৰীয়া যুৱকৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱাৰ পাছতে হত্যা নে আত্মহত্যা তাকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰায় ৬ মাহ পূৰ্বে তিনিচুকীয়া জিলাৰ মাকুম ৰাজগড় আলি বাগিচাৰ টেম্পু প্ৰজা নামৰ ১৭ বছৰীয়া যুৱক এজনে মাকুম বেতজান ৰোডৰ বিজয় শ্বাহৰ বাস গৃহৰ পৰা এটা মোবাইল ফোনটো চুৰি কৰিছিল৷ চুৰি কাৰ্য সংঘটিত কৰাৰ পাছত টেম্পু প্ৰজাই যোৱা ৭ অক্টোবৰত মোবাইল ফোনটো উভতাই দিবলৈ আহিছিল৷ আশ্চৰ্যজনক ভাৱে শনিবাৰে দুপৰীয়া যুৱকজনৰ মৃতদেহ বিজয় শ্বাহ আৰু দীপ্তি শ্বাহৰ ভাড়াতীয়া সৰু কোঠালিৰ পৰা অৰ্ধ-উলংগ হৈ থকাৰ উপৰিও চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। যুৱকজনৰ মৃত্যু হোৱা বুলি দীপ্তি শ্বাহে গমেই নাপায়৷ কাষৰে কোনো সচেতন ব্যক্তিয়ে স্থানীয় মাকুম আৰক্ষীক খবৰ দিয়াত যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে। দীপ্তি শ্বাহে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে টেম্পু প্ৰজাই মাকুম চহৰৰ গুপ্তা নামৰ চাহ মিঠাই হোটেলত কৰ্মৰত থকা উপৰিও দীপ্তি শ্বাহৰ ঘৰলৈ আহ-যাহ কৰিছিল।
এই সম্পূৰ্ণ ঘটনা কেন্দ্ৰ কৰি টেম্পু প্ৰজাৰ পৰিয়াল আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাকুম শাখাই এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি মাকুম আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ কিন্তু মাকুম আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা ঘণ্টাৰ পাছত ঘণ্টা উকলি যোৱাৰ পাছটো বিজয় শ্বাহ আৰু দীপ্তি শ্বাহক সোধা-পোছা নকৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত ছাত্ৰ সংগঠনটোৰ দাবীত দীপ্তি শ্বাহক আৰক্ষীয়ে সোধ-পোছৰ বাবে থানালৈ আনে যদিও অভিযুক্ত বিজয় শ্বাহ বৰ্তমান পলাতক। মাকুম আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈয়ো কোনো ধৰণৰ ভিডিঅ’ ফুটেজ সংগ্ৰহ নকৰাৰ লগতে জিলা দণ্ডাধীশক অৱগত কৰা নাছিল বুলি ছাত্ৰ সংগঠনৰ বিষয়-ববীয়াসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷ আগন্তুক বাৰ ঘণ্টাৰ ভিতৰত অভিযুক্ত বিজয় শ্বাহক আটক কৰিবলৈ মাকুম আৰক্ষীক আহ্বান জনায়।
 
						 
			