চহৰৰ মাজমজিয়াৰ হনুমান মন্দিৰ লুটি নিলে দুৰ্বৃত্তই

নিউজ ডেস্ক: মুষলধাৰ বৰষুণৰ মাজতে মন্দিৰ লুটি নিলে বিলাসীপাৰাত। চহৰখনৰ ৭নং ৱাৰ্ডৰ হনুমান মন্দিৰত সংঘটিত চুৰি কাণ্ড সংঘটিত হৈছে। প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ সুযোগ লৈ চোৰে মন্দিৰৰ তলা ভাঙি আ-অলঙ্কাৰৰ লগতে দান পাত্ৰৰ লক্ষাধিক টকা লৈ উধাও হয়। বিলাসীপাৰা চহৰৰ মাজমজিয়াৰ ঐতিহ্যমণ্ডিত হনুমান মন্দিৰ তথা কালভৈৰৱ মন্দিৰত সংঘটিত চুৰিৰ ঘটনাই বিলাসীপাৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।