ধনু-তীৰ বন্ধ, ইতিহাস হ’ল ‘শিৱসেনা’ শব্দ

নিউজ ডেস্ক: মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে শুকুৰবাৰে নিৰ্বাচন আয়োগৰ ওচৰত শিৱসেনা দলৰ ওপৰত তেওঁৰ অধিকাৰ দাবী কৰি উত্তৰ দাখিল কৰিছিল। উদ্ধৱ ঠাকৰেয়ে মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ লগতে শিৱসেনাৰ অন্যান্য বিদ্ৰোহী বিধায়কসকলে ইতিমধ্যে স্বেচ্ছাই দল ত্যাগ কৰা বুলি কৈ দলত নিজৰ অধিকাৰ দাবী কৰিছিল। দলৰ প্ৰতীকৰ তেওঁৰ অধিকাৰৰ বুলি কৈছিল যদিও আজি নিৰ্বাচন আয়োগে শিৱসেনাৰ প্ৰতীক বন্ধ কৰা হয়৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় নিৰ্বাচন আয়োগে৷ শনিবাৰে উদ্ধাৱ ঠাকৰে আৰু একনাথ চিন্দেৰ দ্বাৰা দাখিল কৰা উত্তৰৰ পিছতে শিৱসেনাৰ প্ৰতীক বন্ধ কৰে নিৰ্বাচন আয়োগে। এতিয়া দুয়োটা গোটে এই চিহ্ন ব্যৱহাৰ কৰিব নোৱাৰিব। একে সময়তে আয়োগে শিৱসেনাৰ নাম ব্যৱহাৰ নিষিদ্ধ কৰিছে। অৰ্থাৎ দুয়োটা দলে আগন্তুক নিৰ্বাচনত শিৱসেনা দলৰ নাম ব্যৱহাৰ কৰিব নোৱাৰিব। উদ্ধৱ ঠাকৰে আৰু একনাথ চিন্দে গোটে শিৱসেনাৰ প্ৰতীকক লৈ যোৱা কেইবামাহ ধৰি বিবাদ চলি আছিল। উদ্ধৱ ঠাকৰেয়ে পিতৃৰ দল বুলি দাবী কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰী চিন্দেকৈ কৈছিল যে গণতন্ত্ৰত সংখ্যাগৰিষ্ঠতা থকাজনৰহে দল। এই মুহূৰ্তত আমাৰ সংখ্যাগৰিষ্ঠসংখ্যা আছে। কিন্তু এতিয়া নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ পাছত দুয়োপক্ষই দলটোৰ নাম আৰু প্ৰতীক ব্যৱহাৰৰ পৰা বঞ্চিত হৈছে।
কেইদিনমান আগতে, নিৰ্বাচন আয়োগে উদ্ধৱ ঠাকৰে আৰু একনাথ চিন্দেক শিৱসেনাৰ প্ৰতীকৰ ওপৰত তেওঁলোকৰ কৰ্তৃত্বৰ দাবীৰ ওপৰত উত্তৰ দাখিল কৰিবলৈ কৈছিল। উদ্ধৱ ঠাকৰেয়ে শুকুৰবাৰে নিৰ্বাচন আয়োগৰ ওচৰত শিৱসেনা দলৰ ওপৰত তেওঁৰ কৰ্তৃত্ব দাবী কৰি উত্তৰ দাখিল কৰিছিল। এই উত্তৰত উদ্ধৱ ঠাকৰেয়ে কৈছিল যে মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ লগতে শিৱসেনাৰ অন্যান্য বিদ্ৰোহী বিধায়কসকলে ইতিমধ্যে স্বেচ্ছাই দল ত্যাগ কৰিছে। এনে পৰিস্থিতিত দলৰ প্ৰতীকৰ প্ৰতি অধিকাৰৰ কৰিব নোৱাৰে। উদ্ধৱ গোটে ৫ লাখতকৈও অধিক দলীয় বিষয়া আৰু সদস্যক সমৰ্থন কৰি এখন শপতনামা দাখিল কৰিছে।
আন্ধেৰী পূবৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেয়ে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগলৈ শিৱসেনাৰ নিৰ্বাচনী প্ৰতীক ধনু আৰু তীৰ দাবী কৰিবলৈ এখন পত্ৰ লিখিছিল। অৱশ্যে বিজেপিয়ে শাসকীয় মিত্ৰজোঁটৰ হৈ আন্ধেৰী আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু চিন্দে কৈছিল যে শিৱসেনাৰ উদ্ধৱ ঠাকৰেয়ে নিৰ্বাচনী আয়োগৰ পৰা কোনো সিদ্ধান্ত নোলোৱাকৈ প্ৰতীকটো ব্যৱহাৰ কৰিব পাৰে।
নিৰ্বাচন আয়োগলৈ লিখা এখন পত্ৰত চিন্দে গোটে কৈছিল যে মহাৰাষ্ট্ৰৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই নিৰ্বাচনী প্ৰতীকৰ এই বিবাদ নিষ্পত্তি কৰাটো প্ৰয়োজনীয়। কিয়নো উদ্ধৱ ঠাকৰে গোটে ইয়াৰ প্ৰাৰ্থীসকলৰ বাবে এছএছপিপি প্ৰতীকৰ দাবী কৰিব।
উল্লেখ্য যে, জুন মাহত দলটো বিভক্ত হয়৷ চিন্দেয়ে উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয বিশ্বাসঘাতকতা কৰিছিল৷ কেইবাগৰাকী বিধায়ক লৈ বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰি নিজেই মুখ্যমন্ত্ৰী হয়৷