ৰাজ্যজুৰি উৎসাহ-উদ্দীপনা, আজি ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা

নিউজ ডেস্ক: আজি ধন ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ বাৰ্ষিক পূজা। ৰাজ্যজুৰি লক্ষ্মী পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে৷ গুৱাহাটী মহানগৰীতো লক্ষ্মীৰ পূজাৰ ব্যাপক আয়োজন চলা পৰিলক্ষিত হৈছে৷ গুৱাহাটীৰ বজাৰ ভৰি পৰিছে পূজাৰ সা-সামগ্ৰীৰে৷ গণেশগুৰি ফাঁচী বজাৰৰ লগতে কেইবাটাও স্থানত লক্ষ্মী পূজাৰ সামগ্ৰী বিক্ৰী কৰি থকা দেখা গৈছে৷ মুঠতে ৰাজ্যৰ সৰ্বত্ৰ লক্ষ্মী পূজাৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। সৌভাগ্য আৰু ধন সম্পদ প্ৰাপ্তিৰ লগতে দেৱীৰ আশীর্বাদ বিচাৰি পূজা অৰ্চনা কৰিব ৰাজ্যবাসীয়ে৷ সুখ-শান্তি আৰু সমৃদ্ধিৰ দেৱী তেওঁক সন্তুষ্ট কৰিবলৈও পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বৈদিক বিধি বিধান অনুসৰি আয়োজন কৰা হৈছে লক্ষ্মীৰ পূজা। ব্যক্তিগত বাসগৃহৰ লগতে ৰাজহুৱা স্থানতো চলিছে লক্ষ্মী পূজাৰ আয়োজন। লক্ষ্মী মাক আদৰিবলৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলে বাসগৃহ সজাই-পৰাই শান্তি দায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰিব। ৰাজধানী গুৱাহাটীৰ ৪ শতাধিক দুৰ্গা মণ্ডপতো সন্ধিয়ালৈ অনুষ্ঠিত হ’ব লক্ষ্মী পূজা৷ বেলতলাৰ লক্ষ্মী মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লক্ষ্মী পূজা। উদ্যোক্তাসকলে জনোৱা মতে নিশা অনুষ্ঠিত হ’ব নাগাৰা নাম। গুৱাহাটীৰ ফাঁচী বজাৰস্থিত শ্রী শ্রী কৰুণাময়ী কালী মন্দিৰতো দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লক্ষ্মী পূজা।