বৰশী বাই থকাৰ সময়তে পৰিল বজ্ৰপাত, নুৰ মহম্মদৰ মৃত্যু

নিউজ ডেস্ক : কলগাছিয়াৰ খাৰবাল্লীত বজ্ৰপাত পৰি এজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বেঁকী নৈত বৰশী বাই থকাৰ সময়তে বজ্ৰ পৰি মৃত্যু হয় নুৰ মহম্মদ নামৰ যুৱকজনৰ৷ নুৰ মহম্মদ খাৰবাল্লী গাঁৱৰ ছোৰহাব আলীৰ পুত্র নুৰ মহম্মদ বুলি জানিব পৰা গৈছে।