Local, Vocal, Global

চাপৰত শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক: ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে পথ দুৰ্ঘটনা। শনিবাৰে চাপৰৰ হাতীপোতাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা।

এখন তীব্ৰ বেগী বাইকে এজন পথচাৰীক খুন্দা মৰাৰ ফলত পথচাৰীজনৰ লগতে দুয়োজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে। আহত কেইজনৰ পথচাৰীজনক তবিৰ আলী আনহাতে বাইক আৰোহী দুজনক মনোৱাৰ হুছেইন আৰু আব্দুল কাদেৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা অনুসৰি আটাইকেইজন আহত ব্যক্তিৰ ঘৰ হাতীপোতাৰ খেৰডুবিত।

আহত কেইজনক চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত তিনিওকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 17 H 3748।