অসমত ফ্লপশ্ব’ত পৰিণত নৰেন্দ্ৰ মোদীৰ জলজীৱন মিছন আঁচনি
নিউজ ডেস্ক : জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে গ্ৰহণ কৰা জলজীৱন মিছন কাৰ্য্যতঃ ফ্লপশ্ব’ত পৰিণত হৈছে অসমত। ২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এই অভিলাষী আচনিখন গ্ৰহণ কৰিছিল, কিন্তু যি লেহেম গতিৰে আচনিখনৰ কাম আগবাঢ়িছে সেই গতিৰে ২৪ৰ ভিতৰত ঘৰে ঘৰে জনসাধাৰণে বিশুদ্ধ খোৱাপানী লাভ কৰিবনে সেয়া কোটিটকীয়া প্ৰশ্নত পৰিণত হৈছে।
দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমত শামুকীয়া গতিৰে চলিছে জলজীৱন মিছনৰ কাম। খোদ কেন্দ্ৰীয় চৰকাৰৰ তথ্যতে ফাদিল হৈছে জলজীৱন মিছনৰ নিশকটীয়া ছবিখন। ৩.৫০ কোটীৰো অধিক জনসংখ্যাৰ ৰাজ্যখনত এতিয়ালৈ মাত্ৰ জলজীৱন মিছনে ৩৮.১৫ শতাংশ মানুহৰ ঘৰহে চুব পাৰিছে। খবৰ অনুসৰি হৰ ঘৰ জল শ্লোগানেৰে আৰম্ভ হোৱা জলজীৱন মিছনৰ কামকাজ অন্য বহুকেইখন ৰাজ্যত সফলভাৱে সম্পন্ন হৈছে।
অসমত কেতিয়া সম্পূৰ্ণ হ’ব জলসাধাৰণক বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই অভিলাষী আচনি জলজীৱন মিছন।
দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ স্বপ্ন দেখুওৱা অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰৰ ওচৰত জলজীৱন মিছন শীঘ্ৰেই অসমত কাৰ্য্যকৰী কৰিবলৈ দাবী জনাব পাৰিবনে নে অসমবাসীয়ে বাট চাব লাগিব দিল্লীৰ দৰবাৰ প্ৰশন্ন হোৱালৈ সেয়া হ’ব লক্ষণীয়৷