অসমত সাধাৰণ ৰাইজ জুৰুলা, হেলিকপ্তাৰত উঠি মুখ্যমন্ত্ৰীৰ ব্যয় ২০ কোটি
নিউজ ডেস্ক : পুনৰ এক স্পৰ্শকাতৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ এক হৃদয়স্পৰ্শী কবিতা ৰচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ একে সময়তে এপিপিচিৰ সভাপতিগৰাকীয়ে জনতাৰ ক্ষোভক পকা অঙঠাৰে তুলনা কৰি শাসনাধিষ্ঠিত বিজেপি চৰকাৰক তীব্ৰ ভাষাত সমালোচনা কৰে৷
অসমত ভয়াবহ হৈছে নিবনুৱা সমস্যা৷ কৰ্ম-সংস্থাপন বিচাৰি হাবাঠুৰি খাইছে শিক্ষিত যুৱক-যুৱতীয়ে৷ দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ চৰা দামে জুৰুলা কৰিছে জনতাক৷ কিন্তু সেই সময়তে বিলাসীতা আৰু ব্যৱবহুল ভাৱে দলীয় কাম-কাজ চলাব লাগিছে বিজেপিয়ে৷ সততে নীতি-আদৰ্শ আৰু ভাৰতীয় সভ্যতাৰ সংস্কাৰৰ বাণী বিলোৱা বিজেপিৰ এই বিলাসীতৰ বাবে ধন আহিছে ক’ৰ পৰা৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰৰ ভাড়াৰ বাবদ ব্যয় কৰে ২০ কোটি টকা৷ একেদৰে তথাকথিত ৰাষ্ট্ৰীয়তায়তাবাদ আৰু দেশৰ প্ৰেমৰ চৰ্চা কৰিবলৈ বিজেপিয়ে নিৰ্মাণ কৰি উলিয়াইছে গগণচুম্বি বিলাসী অট্টালিকা৷ অন্য অৰ্থত বিলাসীতাৰ মাজেৰে যেন ৰাষ্ট্ৰীয়তাবাদীৰ চৰ্চা কৰে গেৰুৱা বাহিনীয়ে৷ এই সম্পৰ্কতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অতি তাৎপৰ্যপূৰ্ণ মত পোষণ কৰিছে৷
কেৱল প্ৰচাৰসৰ্বচ্ছ নীতি আৰু কৌশলেৰে বিজেপিয়ে চলাইছে চৰকাৰ৷ জনতাৰ ক্ষোভ আৰু দুৰ্দশাক ঢাকি ৰাখিব বিচৰা হৈছে ৰংচঙীয়া বিজ্ঞাপনেৰে৷ কেৱল বিজ্ঞাপনৰ নামত ব্যয় কৰা হৈছে কোটি কোটি টকা৷ কিন্তু চিকিৎসালয়ত নাই জীৱন দায়িনী দৰৱ আৰু অক্সিজেনৰ চিলিণ্ডাৰ৷ ন্যূনতম চিকিৎসাৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ লক্ষ লক্ষ সাধাৰণ জনতা৷ কৰৰ বোজা জাপি দি সংগ্ৰহ কৰা হৈছে চৰকাৰী ৰাজহ৷ আৰু সেই ৰাজহ ব্যয় কৰা হৈছে হিন্দুত্ববাদৰ প্ৰচাৰত৷ ইয়াকো প্ৰকাশ কৰিছে এপিচিচিৰ শীৰ্ষ নেতাগৰাকীয়ে৷
বিজেপিৰ স্বেচ্ছাচাৰী আৰু হিটলাৰী নেতৃত্ব সম্পৰ্কটো এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি সংবাদমাধ্যমৰ ওচৰত নিজস্ব ব্যতিক্ৰমী মত প্ৰকাশ কৰিছে৷ মাতৃ দুগৰাকী নেতাৰ আঙুলিৰ ঠাৰত নাচি বিজেপিয়ে চলাব লাগিছে তথাকথিত হিন্দুত্বৰ ৰাজনীতি৷ কিন্তু তাৰ বিপৰীতে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যবোধক সন্মান জনাই নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰৱৰ্তী সভাপতিগৰাকীক নিৰ্বাচিত কৰা হ’ব সাধাৰণ নিৰ্বাচনৰ জড়িয়তে৷
ৰাজ্যত সৰ্বত্ৰ বিজেপিৰ ৰংচঙীয়া প্ৰচাৰ৷ বিজেপি চৰকাৰৰ সফলতাৰ ফটাঢোল বজাব লাগিছে ৰজাঘৰীয়া নেতাই৷ চৰকাৰৰ ধনৰ শৰাধ পাতি আয়োজন কৰা হৈছে তথাকথিত হিন্দুত্ববাদৰ মেলা৷ কেৱল বিজ্ঞাপনৰ নামত ব্যয় কৰা হৈছে শ-শ কোটি টকা৷ কিন্তু তাৰ বিপৰীতে জনতাৰ অৱস্থা কি? চাউল, দাইল, আটা চিৰা, মুৰি আদিৰ বাবেও ৰাইজে বিজেপিক দিবলগীয়া হৈছে কৰ৷ চৰকাৰী আঁচনিৰ নামত কিছু সংখ্যক পৰিয়ালক দিয়া হৈছে আঁচনি৷ কিন্তু তাৰ বিপৰীতে জাপি দিয়া হৈছে কৰৰ বোজা৷ চৰকাৰী চিকিৎসালয়ত নাই চিকিৎসাৰ সা-সুবিধা৷ বিদ্যালয়ত নাই শিক্ষক৷ আৰু তেনে এক অৱক্ষয়ৰ দৃশ্য বিৰোধী পক্ষৰ শীর্ষ নেতা এগৰাকীয়ে কবিতাৰে প্ৰকাশ কৰাটো যথেষ্ট লক্ষ্যণীয় হৈ উঠিছে৷