Local, Vocal, Global

মহিলাৰ শৰীৰৰ অংগই অংগই ড্ৰাগছৰ পেকেট

নিউজ ডেস্ক : কাৰ্বি আংলং আৰক্ষী, ৰে’ল আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযানত বোকাজান ৰেল ষ্টেচনত ২৪৬.৯৫ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে। হেৰ’ইন সহ দুগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে। মৰিয়নী এক্সপ্ৰেছত দুগৰাকী মহিলাই ড্ৰাগছখিনি ২০টা চাবোনৰ বাকচত শৰীৰত মেৰিয়াই আনিছিল।

আটক কৰা মহিলা দুগৰাকী মনীষা সন্দিকৈ আৰু ৰিংকি দাস। মনীষা সন্দিকৈৰ ঘৰ গোলাঘাটৰ মেৰাপানী আৰু ৰিংকি দাসৰ ঘৰ ডিমাপুৰৰ হাফ নাগৰাজানত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য ৫০ লাখৰো অধিক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।