প্ৰাপ্তবয়স্ক যুৱকৰ ৰহস্যজনক আত্মহত্যা

নিউজ ডেস্ক : ৰাজ্যত পুনৰ সংঘটিত হৈছে আত্মহত্যাৰ দৰে নিকৃষ্ট ঘটনাৰ। কলগাছিয়াৰ গুনীয়ালগুৰিত এজন যুৱকে চিপ লৈ আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।
খবৰ অনুসৰি, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰী গাঁওৰ ছোনা মিয়াৰ পুত্ৰ হাছিবুল ইছলাম নামৰ যুৱকজনে নিজ ঘৰৰ ওচৰৰ এজোপা কঁঠাল গছত চিপলৈ আত্মহত্যা কৰে। আত্মহত্যা কৰা যুৱকৰ বয়স আনুমানিক ২০ বছৰ।
আনহাতে,আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, ৰাতিপুৱাৰ ভাগত ওচৰৰে এজনী মহিলাই নিজ ঘৰৰ দুৱাৰডলি হাৰি থকা সয়মত লৰাজন চিপলৈ আত্মহত্যা কৰি উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল। পৰৱৰ্তী সময়ত কলগাছিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।