Local, Vocal, Global

মহিধৰ বৰাৰ উপন্যাস ‘চিনাকী নদী অচিনাকী ঘাট’ উন্মোচন

নিউজ ডেস্ক : আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াত লেখক সাহিত্যিক মহিধৰ বৰাৰ উপন্যাস ‘চিনাকী নদী অচিনাকী ঘাট’ উন্মোচন কৰা হয়৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোছৰাফ নাছেৰৰ সভাপতিত্বত লেখকগৰাকীৰ বসভৱনত আয়োজিত আনুষ্ঠানৰ আঁতধৰে গুণেশ্বৰ শইকীয়াই৷

চিনাকী নদী অচিনাকী ঘাট নামৰ উপন্যাসখন উন্মোচন কৰে পাচিঘাট মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকাই৷ নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে জামুগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নিতুমনি বৰা আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন গ্ৰন্থাগাৰিক সুৰেন কলিতাই৷ উন্মোচনী অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷